অসম

assam

By

Published : Dec 3, 2021, 9:49 PM IST

ETV Bharat / state

International Disability Day : বিশেষভাৱে সক্ষম ছাত্ৰ অমিনুল খানক প্ৰেৰণা বঁটা প্ৰদান

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিৱন্ধী দিৱস (International Disability Day) ৷ এই দিৱসৰ লগত সংগতি ৰাখি চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰাদেশীকৃত চৰকাৰী বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত গুৱাহাটী অন্ধ বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ অমিনুল খানক প্ৰদান কৰা হয় প্ৰেৰণা বঁটা (Prarona Award to Differently Abled student Aminul khan) ৷

International Disability Day)
বিশেষভাৱে সক্ষম ছাত্ৰ অমিনুল খানক প্ৰদান প্ৰেৰণা বঁটা

গুৱাহাটী, 3 ডিচেম্বৰ : প্ৰতিবছৰে ৰাজ্য তথা দেশজুৰি উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিৱন্ধী দিৱস (International Disability Day) ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰতিৱন্ধী দিৱস উপলক্ষে সমগ্ৰ শিক্ষা অভিযান কামৰূপ মহানগৰৰ উদ্যোগত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শুক্ৰবাৰে আয়োজন কৰা হয় এক অনুষ্ঠানৰ ৷ এই অনুষ্ঠানতে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰাদেশীকৃত চৰকাৰী বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত গুৱাহাটী অন্ধ বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ অমিনুল খানক প্ৰদান কৰা হয় ‘প্ৰেৰণা বঁটা’ (Prarona Award to Differently Abled student Aminul khan)।

অমিনুল খানক প্ৰদান কৰা প্ৰেৰণা বঁটাত আছে এটা স্মাৰ্ট টিভি আৰু এখন প্ৰশস্তিপত্ৰ প্ৰদান কৰা হয় । এই অনুষ্ঠানতে বিদ্যালয় পৰ্যায়ত বিশেষভাৱে সক্ষম শিশুসকলৰ হকে বিশেষ অৱদান আগবঢ়োৱা বেলতলা উচ্চ বিদ্যালয়ৰ শিক্ষয়িত্ৰী ইলা কলিতাকো প্ৰদান কৰা হয় প্ৰেৰণা বঁটা । এই বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে শিক্ষয়িত্ৰী ইলা কলিতা আৰু বিশেষভাৱে সক্ষম ছাত্ৰ অমিনুল খান ৷

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰাই কয় যে, এই ধৰণৰ বঁটা প্ৰদানে বঁটা প্ৰাপকৰ লগতে সকলোকে ভাল কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰে । সমগ্ৰ শিক্ষা অভিযান অসমৰ ৰাজ্যিক পৰ্যৱেষক ইন্দু চি দাসে কয় যে, সমগ্ৰ শিক্ষা অভিযান অসমৰ পৰা বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে ভ্ৰমণ বানচকে ধৰি বিভিন্ন সুবিধা আগবঢ়োৱা হৈছে ৷ যাতে বিদ্যালয় পৰ্যায়ত শিক্ষা গ্ৰহণ কৰিবলৈ সকলো আগ্ৰহী হৈ পৰে ।

শুকুৰবাৰে অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী পৰিষদৰ সম্পাদক গোবিন্দ কলিতা, কামৰূপ মহানগৰ জিলাৰ অধিবিদ্যা পৰিষদৰ সম্পাদিকা পূৰবী কলিতাৰ লগতে অনুষ্ঠানত বঁটা প্ৰাপক বিদ্যালয়ৰ প্ৰধান শিক্ষক, অভিভাৱক, বিদ্যালয় পৰিদৰ্শক, কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু স্পেচিয়েল এডুকেটৰদ্বয় ।

লগতে পঢ়ক :Assam Prakashan Parishad Literary Award : প্ৰথমবাৰলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হ’ব প্ৰকাশকক

ABOUT THE AUTHOR

...view details