প্ৰাঞ্জল মৰাণৰ মৃতদেহৰ সন্ধান বিচাৰি হাহাকাৰ পত্নী উৰ্বশী মৰাণৰ গুৱাহাটী, 28 মাৰ্চ: স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি হাহাকাৰ প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণৰ । আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে দৌৰিও কোনো সঁহাৰি পোৱা নাই দুৰ্ভগীয়া মহিলাগৰাকীয়ে । মঙলবাৰে কণমানি সন্তানটিক লৈ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় দুৰ্ভগীয়া মহিলাগৰাকী (Tinsukia Pranjal Moran missing case) ।
আৰক্ষী সঞ্চালক প্ৰধানক লগ নোপোৱাত AIGP (আইন-শৃংখলা) লংনিত টেৰনৰ হাতত পুনৰ স্বামীৰ সন্ধান বিচাৰি এখন আবেদন দিয়ে ভুক্তভোগী উৰ্বশী মৰাণে ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ 6 জানুৱাৰীত লিডু কয়লাখনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱা প্ৰাঞ্জল মৰাণৰ বিগত তিনি মাহে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই (Pranjal Moran missing from Ledo) ।
এই ঘটনাৰ লগত তিনি কয়লা মাফিয়া বি গণেশ, ৰাজা চাই আৰু কমল ছাই জড়িত থকাৰ অভিযোগ তুলি আইনী ব্যৱস্থা গ্ৰহণৰ লগতে ন্যায়িক তদন্ত বিচাৰৰ পাচতো আৰক্ষীয়ে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত পত্নী উৰ্বশী মৰাণে সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।
তিনিচুকীয়া জিলাৰ কাচমাৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত শুকানি গাঁৱৰ বাসিন্দা প্ৰাঞ্জল মৰাণে লিডুত কয়লা শ্ৰমিক হিচাবে কাম কৰিবলৈ গৈ প্ৰায় তিনিমাহ ধৰি নিখোঁজ হৈ আছে । 2 ফেব্ৰুৱাৰীত লক্ষীপথাৰ নিবাসী হীৰেন গগৈ নামৰ ব্যক্তিজনে উৰ্বশী মৰাণৰ স্বামী প্ৰাঞ্জল মৰাণ কৰ্মস্থলীতে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা বুলি অৱগত কৰাৰ লগতে তেওঁৰ মৃত শৰীৰটো উদ্ধাৰ কৰিব নোৱাৰিব বুলি পৰিয়ালক অৱগত কৰিছিল । প্ৰাঞ্জলৰ মৃত্যুৰ বাবদ পৰিয়ালটোক 5 লাখ টকা দিবলৈ আহিছিল লোকজন (Pranjal Moran disappearance) ।
কিন্তু পত্নীয়ে সেই ধন গ্ৰহণ নকৰি স্বামীক ঘূৰাই লাগে বুলি কৈ লোকজনক উভতাই পঠিয়াইছিল । তাৰ পচতেই 3 ফেব্ৰুৱাৰীত লাংকাচি থানাত স্বামী নিখোজ হোৱা সন্দৰ্ভত গোচৰ দিবলৈ পত্নী যায় যদিও লাংকাচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এজাহাৰখন গ্ৰহণ নকৰি ঘটনাটো সংঘটিত হোৱা লিডু থানাত গোচৰ দিবলৈ কয় ।
সেই মৰ্মে উৰ্বশী মৰাণে পিছচদিনা অৰ্থাৎ 4 ফেব্ৰুৱাৰীত লিডু থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । কিন্তু লিডু আৰক্ষীয়ে এজাহাৰখন 6 ফেব্ৰুৱাৰীতহে পঞ্জীয়ন কৰে । এজাহাৰ পঞ্জীয়ন হোৱাৰ পাচতো আৰক্ষীয়ে তিনি কয়লা মাফিয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত উৰ্বশী মৰাণে ক্ষোভ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক:Pranjal Moran Missing case: লিডুৰ কয়লাখনিত সন্ধানহীন প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত প্ৰতিবাদত বহিল পত্নী