গুৱাহাটী, ১৩ মাৰ্চ :লিডু কয়লা খনিত নিখোঁজ হোৱা প্ৰাঞ্জল মৰাণৰ (Lidu coal field worker Pranjal Moran missing) পৰিয়ালক উচিত ন্যায় প্ৰদানৰ দাবীত প্ৰাঞ্জল মৰাণৰ পত্নী উর্বশী মৰাণ, কণমানি পুত্ৰ সন্তানৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোকে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Pranjal Moran family strike) । মন কৰিবলগীয়া কথা এই যে দুটা মাহ অতিক্ৰম কৰাৰ পাছতো মৰাণৰ আৰক্ষীয়ে প্ৰাঞ্জল মৰাণৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । এই ঘটনাৰ লগত তিনি কয়লা মাফিয়া বি গণেশ, ৰাজা সাই আৰু কমল সাই জড়িত থকাৰ অভিযোগ তুলি আইনী ব্যৱস্থা গ্ৰহণৰ লগতে ন্যায়িক তদন্ত বিচাৰৰ পিছতো মৰাণ আৰক্ষীয়ে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত পত্নী উর্বশী মৰাণে সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (Pranjal Moran of Lidu missing case) ।
সংবাদ মাধ্যমৰ আগত প্ৰাঞ্জল মৰাণৰ ন্যায় প্ৰদান কৰিব নোৱাৰা আৰক্ষীয়ে তিনি অভিমুক্তক ৰক্ষণাবেক্ষণ দিযাৰ অভিযোগ তোলে । ইফালে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত বৰা, উপ দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা কংগ্ৰেছী বিধায়কৰ এটা সঁজাতী দলে সোমবাৰে প্ৰাঞ্জল মৰাণৰ ন্যায়ৰ দাবীত চচলত প্ৰতিবাদত বহা পৰিয়ালবৰ্গক সাক্ষাৎ কৰে । প্ৰাঞ্জল মৰাণৰ পৰিয়ালটোৰ মনৰ কথা বুজ লোৱাৰ লগতে এই সমগ্ৰ বিষয়টো চলিত অসম বিধানসভাৰ বাজেট অধিবেশনত উত্থাপন কৰাৰ লগতে এইক্ষেত্ৰত আইনী যুঁজত সহায় কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ১২২ নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ কাচমাৰি গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত শুকানি গাঁৱৰ বাসিন্দা প্ৰাঞ্জল মৰাণে লিডুত কয়লা শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ প্ৰায় দুমাহ ধৰি নিখোঁজ হৈ আছে । চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰীত লক্ষীপথাৰ নিবাসী হীৰেন গগৈ নামৰ ব্যক্তিজনে উৰ্বশী মৰাণৰ স্বামী প্ৰাঞ্জল মৰাণ কৰ্মস্থলীতে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা বুলি কোৱাৰ লগতে তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰিব নোৱাৰিব বুলি পৰিয়ালক অৱগত কৰিছিল ।