গুৱাহাটী, ৩১ ডিচেম্বৰ : নাগালেণ্ডৰ শিল্পী বুদ্ধি থাপালৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ প্ৰণৱ বৰুৱা বঁটা (Pranab Baruwa Artist Award 2021)। চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষাৰ্থ কৰা প্ৰয়াত চিত্ৰ শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধানাৰ স্বীকৃতি স্বৰূপে প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে ।
২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্ৰহ্মা, বেণু মিশ্ৰ, নীলপৱন বৰুৱা, আদ্য শর্মা, বীৰেণ সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জীতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্ৰহ্ম, ত্ৰৈলোক্য দত্ত, চালেহা আহমেদ, কন্দর্প নাথ শর্মা, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্ৰ এম থেম, ত্ৰিপুৰাৰ শিল্পী চিন্ময় ৰয়, মিজোৰামৰ চিত্ৰশিল্পী ট্ৰাং ৰখুমা আৰু অৰুণাচল প্ৰদেশৰ চিত্ৰ আৰু ভাস্কর্য শিল্পী টাকাৰ ৰিবাক প্ৰদান কৰা হৈছে ।
এই বঁটাত আছে এটি সুদৃশ্য স্মাৰকৰ সৈতে এখনি প্ৰশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা ।
উল্লেখ যে, ১৯৫৩ চনৰ ৬ অক্টোবৰত নাগালেণ্ডৰ কহিমাত জন্ম গ্ৰহণ কৰা শিল্পী বুদ্ধি থাপা (Nagaland Artist Buddhi Thapa) ই কহিমাতে স্কুল আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰে । ১৯৭৬ চনৰ পৰা ১৯৮১ চনলৈ কলকতাৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ত অধ্যয়ন কৰি তেওঁ সুকুমাৰ কলাৰ স্নাতক ডিগ্ৰী আহৰণ কৰে । তেওঁৰ পিতৃয়ে প্ৰথম বিশ্বযুদ্ধৰ পিছত বৃটিছ সেনাবাহিনীৰ পৰা স্বেচ্চামূলক অৱসৰ লৈ কহিমাতে স্থায়ীভাৱে থাকিবলৈ লয় ।