গুৱাহাটী, 2 মাৰ্চঃ সমাগত বিটিচি নিৰ্বাচন৷ ককালত টঙালি বান্ধিছে বিটিচিৰ ৰাজনৈতিক দল সংগঠন সমূহে । বিজেপিৰ মিত্ৰদল বিপিএফৰ লগত বি টি এডি নিৰ্বাচনত মিত্ৰতাৰে নিৰ্বাচন খেলিব নাই তাক লৈ সৃষ্টি হৈছে খাম-খেয়ালি । সোমবাৰে বি টি এডি নিজৰ স্থিতি স্পষ্ট কৰি বি পি এফ নেত্ৰী তথামন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয়, ' বিজেপিৰ সৈতে মিত্ৰতাৰ ধৰ্ম আমি পালন কৰি যাম । বি টি চি নিৰ্বাচনক লৈ সকলোৱে কিয় ইমান গুৰুত্ব দিছে এই লৈ আচম্বিত হৈছো । আমি বি টি চিত ভাল কাম কৰি আহিছো । গতিকে ৰাইজ আমাৰ লগত আছে । হাগ্ৰামা মহিলাৰীৰ যি দক্ষতা এয়া বি টি চি বাসীয়ে বিশ্বাস কৰে ।
হাগ্ৰামা মহিলাৰীৰ দক্ষতা বিটিচিবাসীয়ে বিশ্বাস কৰেঃ প্ৰমিলা ৰাণী ব্ৰহ্ম
সোমবাৰে বি টি এডি নিৰ্বাচন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি কয়, আমি বি টি চিত ভাল কাম কৰি আহিছো । গতিকে ৰাইজ আমাৰ লগত আছে । হাগ্ৰামা মহিলাৰীৰ যি দক্ষতা এয়া বি টি চি বাসীয়ে বিশ্বাস কৰে ।
হাগ্ৰামা মহিলাৰীৰ দক্ষতা বি টি চি বাসীয়ে বিশ্বাস কৰেঃ প্ৰমিলা ৰাণী ব্ৰহ্ম
লগতে কয়, " বৰ্তমানলৈকে আমি মিত্ৰতা ভংগৰ বাবে কোনো পদক্ষেপ লোৱা নাই ৷ কিন্তু বিজেপিয়ে যদি অকলে নিৰ্বাচন খেলাৰ বাবে যো-জা কৰিছে এইটো আমাৰ বাবেই দুৰ্ভাগ্যজনক কথা ৷