অসম

assam

By

Published : Nov 18, 2020, 9:28 AM IST

ETV Bharat / state

সাংবাদিকক নিৰাপত্তাৰ প্ৰদানৰ দাবীত প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ

সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিত ভাৱে হত্যা আৰু সাংবাদিক মিলন মহন্তক মাফিয়া চক্ৰই তালিবানি পদ্ধতিৰে নিৰ্যাতন চলোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱে । চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে সাংবাদিকৰ নিৰাপত্তাৰ প্ৰদাণ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱে ।

pragjyotishpur press club
সাংবাদিকক নিৰাপত্তাৰ প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ

গুৱাহাটী, 18 নৱেম্বৰঃ ভাৰতবৰ্ষৰ দৰে এখন বিশাল গণতান্ত্ৰিক দেশত সাংবাদিকক হত্যাৰ ঘটনাই চৰম সীমা অতিক্ৰম কৰিছে ৷ হত্যা তথা নিৰ্যাতনৰ বলি হৈছে ইজন পিচত সিজন সাংবাদিক ৷

গৌৰী লংকেশ্বৰৰ পৰা অসমৰ সাংবাদিক পৰাগ দাসলৈকে, এওঁলোকক হত্যা কৰা এজনো হত্যাকাৰীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব নোৱাৰিলে চৰকাৰ তথা প্ৰশাসনে ৷ ইয়াৰ পিচতো দুষ্কৃতিকাৰীৰ হত্যাৰ বলি হ'ল বহু কেইজন সাংবাদিক ৷ যাৰ পৰিপেক্ষিতত জীৱন আৰু নিৰাপত্তাৰ ক্ষেত্রত এক প্ৰকাৰৰ ভাবুকি অহাই নহয় চৰম নিৰপত্তাহীনতাত ভুগিব লগা হৈছে সাংবাদিক সকল।

চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰা সময়ত

শেহতীয়াকৈ সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিত ভাৱে হত্যা আৰু সাংবাদিক মিলন মহন্তক মাফিয়া চক্ৰই তালিবানি পদ্ধতিৰে নিৰ্যাতন চলোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱে । তদুপৰি শীঘ্ৰে দুয়োটা ঘটনাত সৈতে জড়িত অপৰাধীক কৰায়ত্ব কৰি শাস্তি দিয়া আৰু পৰাগ ভূঞাৰ পৰিয়ালক উপযুক্ত ক্ষতি পূৰণ দিয়াৰ দাবী তুলে প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱে ৷

ইফালে চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱে ।

লগতে পঢ়কঃ অসম-নাগালেণ্ড সীমান্তত অচলাৱস্থাঃ পথ অৱৰোধেৰে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details