অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিত কৰাৰ বাবেই  NSG কামাণ্ডো প্ৰত্যাহাৰ প্ৰফুল্ল মহন্তৰ !! - অগপ নেতৃত্বৰ শুভ বুদ্ধিৰ উদয় হওক

NSG কামাণ্ডো প্ৰত্যাহাৰক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিত কৰাৰ বাবেই  NSG কামাণ্ডো প্ৰত্যাহাৰ কৰা বুলি তেওঁ অভিযোগ কৰে ৷

PRAFULLA MAHANTA PRESSMEET
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল

By

Published : Dec 22, 2019, 4:03 PM IST

গুৱাহাটী, 22 ডিচেম্বৰঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল সম্বোধন ৷ মহানগৰীৰ উলুবাৰীৰ হোটেল প্ৰিয়া পেলেচত সম্বোধিত সংবাদমেলত নিজৰ NSG কামাণ্ডো প্ৰত্যাহাৰক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিত কৰাৰ বাবেই NSG কামাণ্ডো প্ৰত্যাহাৰ কৰা বুলি তেওঁ অভিযোগ কৰে ৷ মহন্তই কয় যে ‘মোক হেঁচা প্ৰয়োগ কৰি লাভ নাই, ৰাইজে মোক নিৰাপত্তা দিব ৷' লগতে কয় যে, অগপৰ নেতৃত্বই NSG কামণ্ডো আঁতৰাই নিয়াৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল । আৰু কয় যে, আশা কৰিছো অগপ নেতৃত্বৰ শুভ বুদ্ধিৰ উদয় হওঁক ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মহন্তই কয় যে, বেলেগ দল খোলাৰ কথা এতিয়ালৈ চিন্তা কৰা নাই ৷ অগপ দলৰ ভাল হোৱাটো বিচাৰিছো ৷ তেওঁৰ বিৰুদ্ধে উগ্ৰপন্থীৰ লগত গোপন বুজা বুজি হোৱা বুলি অভিযোগৰ ভিত্তিত NSG প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰতো মত প্ৰকাশ কৰে ৷ তেওঁ কয় যে, উগ্ৰপন্থী নেতাৰ কাৰ কাৰ লগত (সংবাদ মাধ্যম)ৰ ফোনত কথা বতৰা হৈছে পৰীক্ষা কৰিলেই ওলাই যাব । লগতে কয় যে, ইয়াৰ লগত বৰ্তমানৰ মুখ্যমন্ত্ৰী জড়িত আছে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল

আনহাতে দেশ তথা ৰাজ্যৰ পৰিস্থিতিক লৈ তেওঁ কয় যে, চৰকাৰে বৰ্তমানৰ দেশৰ গণতন্ত্ৰ হিটলাৰী শাসনৰ ফালে লৈ গৈ আছে ৷ ভাৰতীয় নাগৰিক সাৱধান হ’বৰ হ’ল ৷ তেওঁৰ NSG কামাণ্ডো প্ৰত্যাহাৰক লৈ ন্যায়ালয়লৈ নায়ায় বুলিও মন্তব্য কৰে ৷ লগতে এই বিষয়ে দেশৰ গৃহ বিভাগলৈ চিঠি পঠিয়াই প্ৰত্যাহাৰ কৰাৰ কাৰণৰ উত্তৰ বিচাৰিব বুলিও প্ৰফুল্ল কুমাৰ মহন্তই উল্লেখ কৰে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল

আৰু পঢ়কঃবিজেপিৰ আঁতচবাজীক লৈ ক্ষোভিত আছু !

ABOUT THE AUTHOR

...view details