অসম

assam

ETV Bharat / state

ক্ষমতাৰ বাবেই আঞ্চলিকতাবাদী নেতৃত্বৰ আত্মসমৰ্পণ গ্ৰহণযোগ্য নহয় : প্ৰফুল্ল কুমাৰ মহন্ত - হোটেল অম্বৰীশত সংবাদমেল প্ৰফুল্ল কুমাৰ মহন্তৰ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শুকুৰবাৰে হোটেল অম্বৰীশত এখন সংবাদমেল আয়োজন প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,'মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্বৰ পৰাই বিৰোধিতা কৰি আহিছো আৰু কৰি যাম' ৷

ক্ষমতাৰ বাবেই আঞ্চলিকতাবাদী নেতৃত্বৰ আত্মসমৰ্পণ গ্ৰহণযোগ্য নহয় : প্ৰফুল্ল কুমাৰ মহন্ত

By

Published : Nov 22, 2019, 8:31 PM IST

গুৱাহাটী, নৱেম্বৰ 22: অসম চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শুকুৰবাৰে হোটেল অম্বৰীশত এখন সংবাদমেলৰ আয়োজন কৰে প্ৰফুল্ল কুমাৰ মহন্তই ৷ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্বৰ পৰাই বিৰোধিতা কৰি আহিছো আৰু কৰি যাম' ৷ কেবে অসমৰ স্বাৰ্থ ক্ষুণ্ণ কৰিব ৷ অসম চুক্তি ৰূপায়ণ কৰাৰ বিপৰীতে বিজেপিয়ে পিচ দুৱাৰেদি বিদেশী আনিব বিচাৰিছে ৷

'মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্বৰ পৰাই বিৰোধিতা কৰি আহিছোঁ আৰু কৰি যাম'

কেবৰ বিৰোধিতা কৰাৰ বাবে অগপৰ পৰা কেইবাজনো নেতাক বহিষ্কাৰ কৰিছে বুলি জানিবলৈ দিয়ে মহন্তই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,বিজেপি চৰকাৰে চলোৱা এই অসমীয়া জাতি বিৰোধী ষড়যন্ত্ৰত একাংশ আঞ্চলিকতাবাদী দলৰ নেতৃত্বই অতি দুৰ্ভাগ্যজনকভাৱে আত্মসমৰ্পণ কৰিছে ৷

ক্ষমতাৰ বাবেই আঞ্চলিকতাবাদী নেতৃত্বৰ আত্মসমৰ্পণ গ্ৰহণযোগ্য নহয়

অসম গণ পৰিষদে ছাত্ৰ সংগঠন খোলাৰ সন্দৰ্ভত মহন্তই কয় যে,অগপৰ নেতৃত্বই তেখেতক নিমন্ত্ৰণ দিয়া নাছিল ৷ কংগ্ৰেছৰ NSUI আছে,CPI, CPMৰো আছে যদিও তেওঁলোকৰ উত্থান হোৱা নাই। অসমৰ জাতীয় সমস্যা সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই ভূমিকা লোৱা উচিত । তাৰ বাবে তেখেতে সদায় আছুক সংগ দিব ৷ অসমত আছু শক্তিশালী সংগঠন হিচাপে গঢ়ি উঠিব লাগে আৰু আছুক শক্তিশালী কৰাৰ প্ৰয়োজন আহি পৰিছে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা প্ৰফুল্ল কুমাৰ মহন্তৰ

ইয়াৰোপৰি তেখেতে কেবৰ বিৰোধিতা কৰি কেইবাবাৰো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে একত্ৰিত হোৱাৰ কথাও জানিবলৈ দিয়ে ৷ এই সন্দৰ্ভত মহন্তই কয় যে,ভৱিষ্যতে লগ হোৱাটো অসমৰ ৰাইজৰ কাৰণে ভাল নহয়,যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ ৰাইজে বিৰোধিতা কৰিছে ৷ এন আৰ এল ব্যক্তিগতকৰণ কৰিবলৈ চলোৱা ষড়যন্ত্ৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে চাওক- আই এন এক্স মিডিয়া গোচৰত তিহাৰ জেলত চিদাম্বৰমক জেৰা

ABOUT THE AUTHOR

...view details