গুৱাহাটী, 26 ডিচেম্বৰ : অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল অম্বৰীশত আয়োজিত এখন সংবাদ মেলত নাম উল্লেখ নকৰাকৈয়ে মন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে মহন্তই ৷ তেওঁ কয় যে, অসম চৰকাৰৰ এইগৰাকী মন্ত্ৰী বিশৃংখল ৷ আছুৰ পৰা অপসাৰিত কৰাৰ পাচতে সেইসময়ত আলফাৰ এটা দলৰ সৈতে লগ হৈ মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰিছিল এইগৰাকী মন্ত্ৰীয়ে ৷ হত্যাত ব্যৱহৃত মাৰণাস্ত্ৰ কটনৰ এগৰাকী ৰান্ধনীৰ ঘৰত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷ গতিকে এইগৰাকী মন্ত্ৰীয়ে আনক আঁজুৰি লাভ নাই ৷ মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰৰ পৰা হাত সাৰিবলৈ হিতেশ্বৰ শইকীয়াৰ শৰণাপন্ন হৈছিল সেইসময়ত ৷ আৰক্ষীৰ কেচ ডায়েৰীত এতিয়াও মন্ত্ৰীগৰাকী মূল অভিযুক্ত ৷ সেইসময়ত কংগ্ৰেছত যোগ দি দালালিৰ জৰিয়তে ঠকা উপাৰ্জন কৰা এইগৰাকী মন্ত্ৰীয়ে পাচৰ সময়চোৱাত কংগ্ৰেছৰ শাসনকালত বহু কেইটা কেলেংকাৰী সংঘটিত কৰে ৷ তাৰ ভিতৰত লুই বাৰ্গাৰ, সাৰদা অন্যতম ৷ আছু আৰু কংগ্ৰেছক প্ৰতাৰণা কৰি বৰ্তমান বিজেপিকো প্ৰতাৰণা কৰিবলৈ আৰম্ভ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'লে তেওঁ আৰু কোন দললৈ যায় সেইয়া সময়েহে ক'ব বুলি উল্লেখ কৰে প্ৰফুল্ল কুমাৰ মহন্তই ৷
এইগৰাকী মন্ত্ৰীৰ নাম ল'বলৈ কুণ্ঠাবোধ কৰে নেকি প্ৰফুল্ল কুমাৰ মহন্তই ! - prafulla mahanta press meet
বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল অম্বৰীশত আয়োজিত এখন সংবাদ মেলত নাম উল্লেখ নকৰাকৈয়ে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীক তীব্ৰ সমালোচনা কৰে মহন্তই ৷ তেওঁ কয় যে, অসম চৰকাৰৰ এইগৰাকী মন্ত্ৰী বিশৃংখল ৷
আনহাতে, চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে গুপ্তহত্যাৰ প্ৰসংগ উল্লেখ কৰা সন্দৰ্ভত মহন্তই কয় যে, গুপ্তহত্যাৰ ক্ষেত্ৰত পৰেশ বৰুৱা আৰু এই মন্ত্ৰীগৰাকীৰ ভাষ্য একে ৷ উচ্চ ন্যায়ালয়ে অগপক গুপ্তহত্যাৰ গোচৰৰ পৰা ইতিমধ্যে দোষমুক্ত ঘোষণা কৰিছে ৷ কিন্তু তাৰ পাচতো মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত আগবঢ়োৱা মন্তব্য যুক্তিহীন আৰু এইয়া একপ্ৰকাৰ উচ্চ ন্যায়ালয়ক কৰা অৱমাননা ৷ CAA সন্দৰ্ভত প্ৰফুল্ল মহন্তই কয় যে, বিজেপিয়ে কেৱল ৰাজনৈতিক মুনাফাৰ বাবেই এই আইনখন আনিব খুজিছে ৷ নাম উল্লেখ নকৰাকৈয়ে অসম চৰকাৰৰ বিশেষ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ বিষয়ে কৰা সমালোচনাৰ জৰিয়তে মহন্তই যেন নিজৰ ব্যৰ্থতাক হে উদঙাই ধৰিছে ৷
লগতে পঢ়ক : NIA ই ষড়যন্ত্ৰমূলকভাবে অখিল গগৈক নিজৰ জিম্মাত ৰাখিছে : অনিল বড়ো