অসম

assam

ETV Bharat / state

হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত - Prafulla Kumar Mahanta, who was suddenly critically ill: Admitted to THE AIMS

বৃহস্পতিবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ হৃদৰোগত আক্ৰান্ত মহন্তক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় দিল্লীস্থিত এইমছত ৷ কিছুদিনৰ পূৰ্বেও দুবাৰকৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷

হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত: এইমছত ভৰ্তি
হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত: এইমছত ভৰ্তি

By

Published : Feb 19, 2021, 9:50 AM IST

গুৱাহাটী,19 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৃহস্পতিবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । হৃদৰোগত আক্ৰান্ত মহন্তক ততাতৈয়াকৈ গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা এয়াৰ এম্বুলেঞ্চযোগে লৈ যোৱা হয় দিল্লীলৈ। ইতিমধ্যে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ।

এইমছৰ হৃদৰোগ বিভাগৰ 104 নম্বৰ কোঠাত বিশেষজ্ঞ চিকিৎসকে অহৰ্নিশে নিৰীক্ষণত ৰাখিছে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তক । উল্লেখ্য যে, মাত্ৰ কিছুদিন পূৰ্বে দুবাৰকৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । দুয়োবাৰেই ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মহানগৰীৰ ডাউন টাউন হাস্পতালৰ আই চি ইউত ।

লগতে পঢ়ক:চৰকাৰ পুনৰ বিজেপিৰেই হব: প্ৰভাৰীৰ দায়িত্ব লৈয়েই ঘোষণা মন্ত্ৰী টোমৰৰ

ABOUT THE AUTHOR

...view details