গুৱাহাটী, ১৮ জুন : বাঘজানৰ দৰে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰ,অইল ইণ্ডিয়াকে ধৰি সকলো পক্ষকে সজাগ হৈ থাকিবলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ । বৃহস্পতিবাৰে এখন সংবাদমেলত ভাগ লৈ মহন্তই কয়- "১৫ তাৰিখে তিনিচুকীয়ালৈ গৈছিলো বাঘজানৰ পৰিস্থিতিৰ বুজ ল'বলৈ । বিশেষজ্ঞ-বিষয়াসকলে নিষ্ঠাৰে কাম কৰি আছে "। তেওঁ আৰু কয় যে,জিলা প্ৰশাসনৰ মতে অঞ্চলটোৰ ১৬টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ।
বাঘজানৰ ক্ষতিগ্ৰস্তক সহায় কৰি আদৰ্শ গাঁও গঢ়াৰ দাবী প্ৰফুল্ল কুমাৰ মহন্তৰ
ভৱিষ্যতে যাতে আৰু বাঘজানৰ দৰে ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰ,অইল ইণ্ডিয়াকে ধৰি সকলো পক্ষকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । বৃহস্পতিবাৰে এখন সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
'আটছা'ই ক্ষতিগ্ৰস্ত অঞ্চল আৰু লোকসকলৰ বাবে জনোৱা দাবীসমূহৰ প্ৰতি তেওঁৰ পূৰ্ণ সমৰ্থন আছে বুলিও মহন্তই প্ৰকাশ কৰে । তেওঁ কয় যে,অধিক ক্ষতিগ্ৰস্ত সকলক সহায় কৰি আদৰ্শ গাঁও গঢ়ি তুলিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । ভৱিষ্যতে যাতে এনে বিপদৰ পুনৰাবৃত্তি নহয় তাৰবাবে চৰকাৰ সতৰ্ক হ'ব লাগে । লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু চৰকাৰে আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহৰ সমাধান কৰিব লাগে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :ডুমডুমা নগৰৰ মাজমজিয়াত নিচাসক্ত এম্বুলেঞ্চ চালকৰ অতপালি