অসম

assam

By

Published : Dec 16, 2019, 7:05 PM IST

ETV Bharat / state

অসম চৰকাৰে CAAৰ বিৰোধিতা নকৰাতো লজ্জাজনক : প্ৰফুল্ল কুমাৰ মহন্ত

অসম চুক্তিক অৱমাননা কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ অগপৰ নেতাসকলক আহ্বান জনায় প্ৰফুল্ল কুমাৰ মহন্তই ৷ নাগৰিকত্ব আইন গৃহীত হোৱাৰ পাচতে অসমবাসীক শুভেচ্ছা জনোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমীয়াৰ ক্ষোভ সম্পৰ্কে কিমান দূৰ জ্ঞাত হৈছে সেই সম্পৰ্কে সন্দেহ আছে বুলি জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assamese people never accept CAA
Assamese people never accept CAA

গুৱাহাটী, 16 ডিচেম্বৰ :নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদ মেল ৷ সংবাদমেলত মহন্তই কয় যে, কোনো কাৰণতে অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন মানি নলয় , সেয়ে চৰকাৰে অনতি বিলম্বে এই আইনখন প্ৰত্যাহাৰ কৰিব লাগে ৷ অগপৰ একাংশ নেতাই নাগৰিকত্ব আইন সমৰ্থন কৰি ইয়াৰ সপক্ষে ভোটদান কৰা কাৰ্যক গৰিহণা দিয়ে মহন্তই ৷ অসম চুক্তিক অৱমাননা কৰা এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ অগপৰ নেতাসকলক আহ্বান জনায় প্ৰফুল্ল কুমাৰ মহন্তই ৷ নাগৰিকত্ব আইন গৃহীত হোৱাৰ পাচতে অসমবাসীক শুভেচ্ছা জনোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমীয়াৰ ক্ষোভ সম্পৰ্কে কিমান দূৰ জ্ঞাত হৈছে সেই সম্পৰ্কে সন্দেহ আছে বুলি জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰফুল্ল মহন্তৰ

ইয়াৰ লগতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে প্ৰফুল্ল কুমাৰ মহন্তই ৷ উত্তৰ-পূৱৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঠিয় দিয়াৰ সময়তে সৰ্বানন্দ সোণোৱালে এই আইনৰ সমৰ্থন কৰাতো পৰিতাপৰ কথা বুলি উদ্বেগ প্ৰকাশ কৰে মহন্তই ৷ ইয়াৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যি সকল অগপ নেতাই নাগৰিকত্ব আইনৰ সমৰ্থন জনাইছে, এসময়ত সেইসকলেই ইয়াৰ বিৰুদ্ধে অনশন কৰিছিল ৷

বাতিল কৰিব লাগে নাগৰিকত্ব সংশোধনী আইন : মহন্ত

অসম গণ পৰিষদৰ শাসনকালতে কেন্দ্ৰ চৰকাৰে বিদেশী বিতাড়ণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই অসমৰ পৰা বিদেশী বিতাৰণ সম্ভৱ নহ'ল ৷ এই অভিযোগ তুলিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷

লগতে পঢ়ক : সমুজ্জল ভট্টাচাৰ্যসহ হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীক মুক্তি দিলে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details