গুৱাহাটী, ১৩ এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৪ এপ্ৰিলৰ এদিনীয়া অসম ভ্ৰমণৰ পূৰ্বে কেতবোৰ প্ৰশ্নৰ অৱতাৰণ কৰিলে প্ৰদেশ মহিলা কংগ্ৰেছে । ২০১৪ চনত অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰি বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে (Press Meet of Pradesh Mahila Congress)। এই সংবাদমেলত তেওঁ কয় যে বিজেপি চৰকাৰে ১৬ মে'ৰ পাচত সকলো বিদেশীয়ে টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল । কিন্তু বিদেশী সমস্যাৰ সমাধানৰ বিপৰীতে বিজেপি চৰকাৰে 'কা' জাপি দিলে । প্ৰতিশ্ৰুতি অনুসৰি বিদেশী সমস্যা সমাধান হ'ল নেকি বুলি তেওঁ প্ৰশ্ন কৰে ।
তেওঁ পুনৰ কয় যে, বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাতো বাদেই প্ৰধানমন্ত্রীয়ে বিগত সময়চোৱাত এবাৰো বানপানীত ক্ষতিগ্ৰস্ত এলেকা প্ৰৰিভ্ৰমণ কৰাতো দৃষ্টিগোচৰ নহ'ল (Pradesh Mahila Congress fire on PM Modi)। অসমৰ প্ৰতি মাহীআইৰ দৃষ্টি কিয় বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা কেতিয়া সমাধান হ'ব ।
আনহাতে, অসমৰ জলন্ত সীমা সমস্যাৰ প্ৰসংগতো তেওঁ প্ৰশ্ন উত্থাপন কৰে । তেওঁ লগতে অসম চুক্তিৰ ৬নং দফা কিয় অগ্ৰাহ্য কৰা হ'ল বুলিও প্ৰশ্ন কৰে । সেইদৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা দিও কথা নাৰাখিলে প্ৰধানমন্ত্রীয়ে । এন আৰ চিৰ ক্ষেত্রত প্ৰধানমন্ত্রী কিয় নিমাত বুলি প্ৰশ্ন কৰি তেওঁ কয় যে বছৰি ২ কোটি চাকৰি কেন্দ্ৰত আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ২৫ লাখ চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া কি হ'ল ।
মূল্যবৃদ্ধিৰ ক্ষেত্রত নীৰৱতা অৱলম্বন কৰা বিজেপি চৰকাৰে পেট্ৰ'ল, ডিজেল, গেছ, ঔষধ আদিৰ মূল্য কেতিয়া কমাব তাৰ উত্তৰ লাগে বুলি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয় । তেওঁ লগতে কয় যে "বেটি বচাও বেটি পঢ়াও" আঁচনিৰ নামত সৰ্বতে আভুৱা ভৰা হ'ল (Beti Bachao Beti Padhao)। কাৰণ প্ৰায় ৭ হাজাৰ স্কুল ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৩ হাজাৰ স্কুল অসমত বন্ধ হ'বলৈ গৈ আছে, তেনে স্থলত আমাৰ সাধাৰণ খাটিখোৱা লোকৰ লৰা ছোৱালীয়ে ক'ত পঢ়িব বুলি তেওঁ প্ৰশ্ন কৰে ।