গুৱাহাটী, ৩০ ডিচেম্বৰ:বনভোজক কেন্দ্ৰ কৰি চৰকাৰে জাৰি কৰা কঠোৰ নীতি-নিৰ্দেশনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত শুকুৰবাৰে আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে (Congress Leader Ramen Borthakur) কয় যে, অসমত চৰকাৰ-প্ৰশাসন আছে নে নাই নাজানো যদিও এজন ব্যক্তি নিশ্চিতভাৱে আছে আৰু তেওঁ হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্রীৰ নিৰ্দেশতে সকলো হয় যদি পুলিচ-প্ৰশাসনৰ কি প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেওঁ বনভোজৰ ক্ষেত্রত চৰকাৰে জাৰি কৰা কঠোৰ নিৰ্দেশনাকলৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Alcohol banned in picnic spots) ।
তেওঁ কয় যে চৰকাৰে ৭০০ খন সুৰাৰ বিপণী মুকলি কৰি ৰাজহ সংগ্ৰহ কৰিব বিচৰাৰ সময়তে বনভোজস্থলীত সুৰা-চিগাৰেট নিষিদ্ধ কৰিছে । গাড়ী চালকে সুৰাপান কৰাৰ ক্ষেত্রত বাধা থকাটো সকলোৱে জানে । বনভোজস্থলীত সুৰাপান কৰাৰ ক্ষেত্রত কিয় বাধা আৰোপ কৰা হৈছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে ঘৰত যদি খাব পাৰে তেন্তে বনভোজস্থলীত কিয় নোৱাৰে । আনহাতে সুৰাপানৰ বাবে বাৰ কৰি দিয়া হৈছে। কিন্তু পিকনিকস্থলীত খাব নোৱাৰে। এইটো কি যুক্তি বুলি তেওঁ প্ৰশ্ন কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
সেইদৰে পিকনিকস্থলীত মাইক বজাই অলপ ফূৰ্টি কৰাৰ ক্ষেত্রতো বাধা আৰোপ কৰা হৈছে । তেওঁ চৰকাৰৰ এই সিদ্ধান্তক অদূৰদৰ্শী আখ্যা দিয়ে ।
উল্লেখ্য যে বনভোজৰ ক্ষেত্রত কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা । জিলাখনৰ পৰিৱেশ সংৰক্ষণ আৰু মানুহৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা এই নিৰ্দেশনা সকলোৱে মানি চলাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে । কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে বনভোজলৈ যোৱা লোকসকলৰ বাবে মুঠ ১৭ টা নিৰ্দেশনা জাৰি কৰিছে ।
সেই অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সঠিক খবৰ আৰু অনুমতি অবিহনে কোনো ব্যক্তি বা গোটে বনভোজস্থলী প্ৰৱেশ কৰিব নোৱাৰিব । স্থানীয় প্ৰশাসনিক সংস্থাসমূহে সকলো বনভোজস্থলীত প্ৰৱেশ, প্ৰস্থান, গোটৰ সংখ্যা আদি নিৰীক্ষণ কৰিব । বনভোজ গোটসমূহে নিৰ্ধাৰিত বনভোজ ক্ষেত্ৰৰ ভিতৰত অ-জৈৱ-পচনশীল সামগ্ৰী আৰু অন্যান্য আৱৰ্জনা বিশেষকৈ থাৰ্মোকল আৰু একক ব্যৱহাৰৰ প্লাষ্টিক নিষ্কাশন কৰিব লাগিব । বনভোজৰ পিছত তেওঁলোকে ব্যৱহাৰ কৰা স্থান পৰিষ্কাৰ কৰা আৰু নিৰ্ধাৰিত এলেকাবোৰত আৱৰ্জনা নিষ্কাশন কৰি থৈ আহিব লাগিব । স্থান পৰিষ্কাৰ নকৰাকৈ এৰি যোৱা যিকোনো পক্ষক প্ৰচলিত নিয়ম আৰু নিয়ম অনুসৰি জৰিমনা বিহা হ'ব ।