অসম

assam

মহানগৰীত পিপিই কিট আতংক

By

Published : Jun 10, 2020, 12:24 PM IST

গুৱাহাটী মহানগৰীত পুনৰ পিপিই কিটৰ আতংক । মহানগৰীৰ উলুবাৰীত বিগত দুদিনে পৰি ৰৈছে এটা পিপিই কিট । আৰক্ষী-প্ৰশাসনৰ সময় নাই পিপিই কিটতো আঁতৰাই নিবলৈ ৷ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ ৷

PPE kit found on road guwahati assam etv bharat news
পিপিই কিট আতংক

গুৱাহাটী,10 জুন:ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে কৰ'ণাত আক্রান্ত লোকৰ সংখ্যা ৷ বিপৰীতে প্ৰশাসনৰ কিছুমান দায়িত্বজ্ঞানহীন কৰ্ম-কাণ্ডই চকু কপালত তুলিছে ৰাইজৰ । বিগত কিছুদিনৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত পৰিত্যক্ত অৱস্থাত পিপিই কিট পৰি থকা ঘটনাই বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ মাজতে উলুবাৰী অঞ্চলত এটা পিপিই কিটে আতংকৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত । বিগত দুদিনে পথৰ য’তে-ত’তে ঘূৰি আছে উক্ত কিটতো ।

পিপিই কিট আতংক

ঘটনা প্ৰসংগত ৰাইজে আৰক্ষী আৰু প্ৰশাসনক খবৰ দিছে যদিও লাভ কৰা নাই কোনো সুদুত্তৰ । বুধবাৰে কিটতো উলুবাৰীৰ সদাব্যস্ত বি.কে. কাকতি পথৰ এখন ঔষধৰ দোকানৰ সন্মুখত দেখি আতংকিত হৈ পৰে স্থানীয় ৰাইজ ৷ উল্লেখ্য যে, এই ঔষধৰ দোকানৰ সন্মুখতে বহু পাচলি ব্যৱসায়ীয়ে পাচলি বিক্ৰী কৰাৰ বাবে সমাগম হয় ৷ সম্প্ৰতি স্থানীয় ৰাইজে মহানগৰ আৰক্ষী-প্ৰশাসনক শীঘ্ৰে কিটতো আঁতৰাবলৈ দাবী জনাইছে ৷ অন্যথা অধিক লোক ইয়াৰদ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে বুলি শংকা প্ৰকাশ কৰিছে ৰাইজে ।

লগতে চাওকঃগুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰক বদলি

ABOUT THE AUTHOR

...view details