অসম

assam

ETV Bharat / state

Attempt to rape case : যৌন নিৰ্যাতনৰ চেষ্টা চলাই ৰাইজৰ ৰোষত পৰিল বিদ্যুত বিভাগৰ কৰ্মচাৰী - শ্লীলতা হানিৰ দৰে ঘটনা

গুৱাহাটীত যৌন নিৰ্যাতনৰ ঘটনা (Attempt to rape case) ৷ এইবাৰ ঘটনাৰ স্থান মহানগৰীৰ বশিষ্ঠ ৷ মিটাৰ ৰিডিং কৰিবলৈ গৈ এগৰাকী মহিলাক শ্লীলতা হানি কৰে বিদ্যুত বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী তথা অভিযুক্ত বিপুল দাসে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ বৰ্তমান ৰঙাঘৰৰ আলহী হ’ল অভিযুক্ত বিপুল দাস ৷

Etv Attempt to rape caseBharat
Etv Bharatযৌন নিৰ্যাতনৰ চেষ্টা চলাই ৰাইজৰ ৰোষত পৰিল বিদ্যুত বিভাগৰ কৰ্মচাৰী

By

Published : Aug 7, 2022, 5:34 PM IST

গুৱাহাটী, ৭ আগষ্ট : কাৰ্যালয়, বাট-পথ আদিতো বাদেই ঘৰৰ ভিতৰতো সুৰক্ষিত নহয় এতিয়া মহিলা । ৰাজ্যত সঘনে সংঘটিত হ’বলৈ ধৰিছে শ্লীলতা হানিৰ দৰে ঘটনা (Attempt to rape case) ৷ এইবাৰ পুনৰ মহানগৰীত সংঘটিত হৈছে শ্লীলতা হানিৰ এক ঘটনা । এইবাৰ ঘটনাৰ স্থান আভিজাত্য গুৱাহাটী মহানগৰীৰ বশিষ্ঠ ৷

তথ্য অনুসৰি, বিদ্যুত বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী অভিযুক্ত বিপুল দাস ৷ অইন দিনাৰ দৰে দেওবাৰেও ঘৰে ঘৰে মিটাৰৰ ৰিডিং চাবলৈ গৈছিল বশিষ্ঠত ৷ তেনে ঘৰত কোনো নথাকাৰ সুযোগ লৈ অভিযুক্ত বিপুল দাসে বশিষ্ঠৰ এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ চেষ্টা চলায় (Power Department Employe accused Bipul Das allegedly attempt to rape) ৷

কিন্তু পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলাগৰাকীয়ে চিঞৰ-বাসৰ কৰাত পোহলৈ আহে সমগ্ৰ ঘটনা ৷ তাৰ পাচত ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ অভিযুক্ত বিপুল দাসক উত্তম মাধ্যম দি গতাই দিয়ে আৰক্ষীক । জানিব পৰা মতে, বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত বিপুল দাস ৷

উল্লেখ্য যে, অভিযুক্ত বিপুল দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 448/354 (B)/509 ধাৰা অনুসৰি বশিষ্ঠ আৰক্ষী থানাত 738/22 নম্বৰৰ গোচৰৰ ভিত্তিত ৰুজু কৰা হৈছে গোচৰ । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷

লগতে পঢ়ক :Attempt to Rape: বিদ্যালয়ৰ চকীদাৰৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী

ABOUT THE AUTHOR

...view details