অসম

assam

By

Published : Jan 22, 2023, 1:56 PM IST

ETV Bharat / state

Power cut in Car Parking : অন্ধকাৰত ডুব গৈছে উত্তৰ পূবৰ প্ৰথমটো বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং

ধোঁৱাচাঙত পৰিণত গুৱাহাটী মহানগৰীৰ জু-ৰোডত অৱস্থিত উত্তৰ পূৱৰ প্ৰথমটো বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা (Poor condition of Multilevel Automated Car Parking system) ৷ মহানগৰবাসীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা এই স্বয়ংক্ৰিয় গাড়ী পাৰ্কিংটো বৰ্তমান অন্ধকাৰত ডুব গৈছে ৷ কিয়নো বিগত ৬ মাহ ধৰি বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবেই বিদ্যুৎ বিভাগে কৰ্তন কৰিছে বিদ্যুতৰ সংযোগ (Power cut in Multilevel Automated Car Parking system at RGB road)।

Power cut in Car Parking system
ধোঁৱাচাঙত পৰিণত ত্তৰ পূৱৰ প্ৰথমটো বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা

ধোঁৱাচাঙত পৰিণত ত্তৰ পূৱৰ প্ৰথমটো বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা

গুৱাহাটী, ২২ জানুৱাৰী :বগাহাতীত পৰিণত হৈছে মহানগৰীৰ শ্ৰদ্ধাজ্ঞলি কাননৰ সমীপত থকা বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং (Multilevel Automated Car Parking in Guwahati)। সম্প্ৰতি বিকল হৈ পৰিছে পাৰ্কিং স্থানৰ ওপৰৰ মহলাসমূহ । ব্যৱহাৰ নকৰাৰ ফলত বিকল হৈছে পাৰ্কিং স্থানটো (Poor condition of Multilevel Automated Car Parking system) ।

মহানগৰীৰ যান-জঁট হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ২৫ কোটি টকা ব্যয়ৰে জি এম ডিয়ে গুৱাহাটীৰ দুটা স্থানত নিৰ্মাণ কৰিছিল স্বয়ংক্ৰিয় বহুখলপীয়া পাৰ্কিং কেইটা । ইয়াৰে প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে জু-ৰোডত নিৰ্মাণ কৰিছিল উত্তৰ পূৱৰ প্ৰথমটো বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ৷

এই স্থানটো তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সেইসময়ৰ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০১৭ চনৰ ১০ অক্টোবৰত ৰাইজৰ বাবে মুকলি কৰি দিছিল ৷ কিন্তু বিগত ৬ মাহ ধৰি বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে আৰ জি বি ৰোডত থকা পাৰ্কিংটোৰ । প্ৰায় দুই লাখ টকা পৰ্যন্ত বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবেই বিদ্যুৎ বিভাগে কৰ্তন কৰিছে বিদ্যুতৰ সংযোগ (Power cut in Multilevel Automated Car Parking system at RGB road) ।

আনহাতে, পাণবজাৰ পাৰ্কিংটোৰো যিকোনো মুহুৰ্তত বিদ্যুৎ সংযোগ কৰ্তন হ’ব পাৰে বুলি জানিবলৈ পৰা গৈছে । শুকুৰবাৰে পাণবজাৰৰ পাৰ্কিংটোৰ বিদ্যুৎ কৰ্তনৰ বাবে আহিছিল যদিও চোৱা চিতাৰ দায়িত্বত থকা সংস্থাটোৰ অনুৰোধত কৰ্তন নকৰিলে বিদ্যুৎ সংযোগ বিভাগৰ কৰ্মচাৰীয়ে ।

লগতে পঢ়ক :Lakshminath Bezbaroa's Sambalpur house: পুনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল ৰসৰাজৰ স্মৃতি বিজড়িত ওডিশাৰ সাধনাগৃহৰ

বিগত বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত প্ৰায় ডেৰ লাখ টকা আদায় দিব আছে পাৰ্কিংটোৰ বিদ্যুতৰ বিল (Power cut in Car Parking system at RGB road)। পাণবজাৰৰ পাৰ্কিংটোৰ বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ জি এম ডিৰ অধ্যক্ষ লৈ পত্ৰ প্ৰেৰণ কৰিছে পাৰ্কিংটোৰ চোৱা চিতাৰ দায়িত্বত থকা সংস্থাটোৱে ।

পাণবজাৰত ২০২১ বৰ্ষত ১১ কোটি টকা ব্যয়ৰে জি এম ডি য়ে নিৰ্মাণ কৰা স্বয়ংক্ৰিয় বহুখলপীয়া পাৰ্কিংটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল । কিন্তু উদ্বোধনৰ এবছৰ পিচতে চলাবলৈ নোৱাৰা হৈছে দায়িত্বত থকা সংস্থাটোৱে । যিকোনো মূহুৰ্তত কাট খাব পাৰে পাৰ্কিংটোৰ বিদ্যুৎ সংযোগ ।

কিয়নো পাৰ্কিংটোৰ পৰা বিদ্যুৎ বিভাগত প্ৰায় ২ লাখ টকা আদায় দিব লগা আছে । শুকুৰবাৰে বিদ্যুতৰ সংযোগ কৰ্তন কৰিবলৈ বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষ আহিছিল যদিও বহু অনুৰোধৰ পিচত বিদ্যুত সংযোগ কৰ্তন নকৰিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে । উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰত পাৰ্কিটো চোৱা-চিটাৰ বাবে ৪ লাখ টকাত ফ’ৰাম এন্টাৰপ্ৰাইজ নামৰ কোম্পানী এবছৰ বাবে আৱন্টন দিছিল জি এম ডি য়ে । ২১২ খন চাৰিচকীয়া বাহণ ৰখাব পৰা ব্যৱস্থা আছে যদিও সম্প্ৰতি ১০০ খন গাড়ী ৰখাব পৰাহে ব্যৱস্থা আছে ।

বিগত বৰ্ষত অক্টোবৰত ফৰামটোৱে পাৰ্কিংটো লোৱাৰ পিচতে পাৰ্কিংটো ৬০ % মেৰামতি কৰাৰ লগতে প্ৰায় ১০০ খন গাড়ী ৰাখিব পৰা ব্যৱস্থা কৰি লয় । কিন্তু সম্প্ৰতি বিদ্যুতৰ বিলক লৈ চিন্তিত হৈ পৰিছে ফৰামটো । উল্লেখ্য যে, মহানগৰীৰ আৰ জি বৰুৱাৰ পথত অৱস্থিত শ্ৰদ্ধাঞ্জলি কাননৰ কাষত থকা ১৪.৩৮ কোটি টকাৰে নিৰ্মাণ কৰিছিল পাৰ্কিংটো ৷

জি এম ডিৰ অধীনত থকা গাড়ী পাৰ্কিং স্থানটো প্ৰায় খালী হৈ থকা দেখিবলৈ পোৱা যায় ৷ ইফালে সকলো ফালৰ পৰা অত্যাধুনিক পাৰ্কিং স্থানত ৩০২ খন চাৰিচকীয়া বাহন আৰু ২৫ খন দুচকীয়া বাহন ৰখাব পৰাৰ ব্যৱস্থা আছে ।

লগতে পঢ়ক :Multilevel automated parking: ধোঁৱাচাঙত মহানগৰীৰ বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা

ABOUT THE AUTHOR

...view details