গুৱাহাটী,২২ ছেপ্তেম্বৰ : চলিত মাহৰ প্ৰথম দিনটোতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল । যিটো হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ উজানবজাৰত দিনদুপৰতে এগৰাকী কিশোৰীৰ নিৰ্মমভাৱে হত্যা কৰা হৈছিল । ডিম্পল কুমাৱট নামৰ ১৩ বছৰীয়া কিশোৰীগৰাকীক নিৰ্মমভাৱে হত্যা কৰিছিল কিশোৰীগৰাকীৰ জেঠায়েকৰ পুত্ৰ আশিক গুপ্তাই ।
ঘটনাৰ দিনাই আটক কৰি পিছত গ্ৰেপ্তাৰ কৰা হৈছিল আশিক গুপ্তাক । ইতিমধ্যে আৰক্ষীৰ জেৰাত আশিক গুপ্তাই হত্যাৰ কথা স্বীকাৰো কৰিছে । সেই নিৰ্মম হত্যাকাণ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অৱশেষত প্ৰকাশ পালে । সোমবাৰে ডিম্পল হত্যাকাণ্ডৰ তদন্তকাৰী আৰক্ষীয়ে ডিম্পলৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰে ।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ডিম্পলৰ সৰ্বশৰীৰত ১৫ বাৰ চুৰীৰে আঘাত কৰিছিল অভিযুক্ত আশিক গুপ্তাই । চুৰীৰে শৰীৰত আঘাত কৰাৰ উপৰিও আশিক গুপ্তাই ডিম্পলৰ মূৰত গধুৰ বস্তুৰে বহুবাৰ প্ৰহাৰ কৰিছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । মূৰত পোৱা আঘাতৰ বাবে ব্ৰেইন হেমাৰেজ হয় ডিম্পলৰ আৰু যাৰ বাবেই ডিম্পলৰ মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
উল্লেখ্য যে, ১ ছেপ্তেম্বৰত গুৱাহাটী মহানগৰীৰ নিজৰ বাসগৃহত ডিম্পল কুমাৱত নামৰ ১৪ বছৰীয়া কিশোৰী গৰাকীক আশিক গুপ্তা নামৰ এজন যুৱকজনে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিছিল । আৰক্ষীয়ে আশিক গুপ্তাক আটক কৰাৰ লগতে এটা গোচৰ ৰুজু কৰি সমগ্ৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া চলাই আছিল ।
লগতে পঢ়ক :ভূ-মাফিয়া আৰক্ষীৰ জালত পৰাৰ পাছতে বুকু দুৰু দুৰু কঁপিছে ৰৌ-বৰালীৰ