অসম

assam

ETV Bharat / state

Postering against BJP : প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত খলকনি তুলিছে এখন বেনামী পোষ্টাৰে

গুৱাহাটীত এখন বিশেষ পোষ্টাৰক লৈ ব্যাপক চৰ্চা চলিছে (Washing Powder Nirma Poster in Guwahati)। 'ৱাশ্বিং পাউডাৰ নিৰ্মা'ৰ বিজ্ঞাপন সদৃশ পোষ্টাৰত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ফটো । প্ৰধানমন্ত্ৰী আগমনৰ সময়তে এই পোষ্টাৰ ভঙাগড়ত । আৰক্ষীয়ে আঁতৰাই দিয়ে পোষ্টাৰ ।

Postering against BJP
খলকনি তুলিছে এখন বেনামী পোষ্টাৰে

By

Published : Apr 14, 2023, 4:54 PM IST

খলকনি তুলিছে এখন বেনামী পোষ্টাৰে

গুৱাহাটী,১৪ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ পূৰ্বে গুৱাহাটীত শুকুৰবাৰে এখন বেনামী পোষ্টাৰে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (PM Modi in Guwahati)। ‘‘ৱাশ্বিং পাউডাৰ নিৰ্মা’’ৰ বিজ্ঞাপন সদৃশ পোষ্টাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ফটো দেখা গৈছে । লগতে আছে কেইবাগৰাকী বিজেপিৰ বিভিন্ন ৰাজ্যৰ প্ৰভাৱশালী নেতাৰ ফটো । এই বেনামী পোষ্টাৰখন গুৱাহাটীৰ ভঙাগড়ৰ ৰাজপথত লগোৱা হৈছিল (Postering against BJP)।

অৱশ্যে পাচত আৰক্ষী আহি এই বেনামী পোষ্টাৰখন আঁতৰ কৰি ভাঙি পেলায় । উল্লেখ্য যে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমতে গুৱাহাটীৰ আই আই টিৰ এক অনুষ্ঠানত ভাগ লয় । তাৰ পাচত চাংসাৰিত নিৰ্মিত এইমছ উদ্বোধন কৰে । এই কাৰ্যসূচীৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানত ভাগ লয় ।

এই অনুষ্ঠানৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীৰ বশিষ্ঠৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ ৰোড শ্ব' কৰি সৰুসজাই ষ্টেডিয়ামত বিহু নৃত্য উপভোগ কৰিব (PM Modi Assam visit)। মনকৰিবলগীয়া যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ পূৰ্বে মহানগৰীত একাংশ‌ দল-সংগঠনে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰে (Protest before PM visit Assam)।

দুদিনপূৰ্বে আপৰ কৰ্মকতাসকলে "মোডী হাটাও দেশ বাচাও" শ্ল'গান লিখি গণেশগুৰিত ব্যাপক পোষ্টাৰিং কৰিছিল । যাৰ‌ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ পূৰ্বে গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল । কিন্তু আৰক্ষীৰ নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতো এনেদৰে এখন বেনামী পোষ্টাৰ গুৱাহাটীৰ ভঙাগড়ৰ ৰাজপথত কোনে স্থাপন কৰিছে তাকে লৈ চৰ্চা হৈছে ।

উল্লেখ্য যে, ‘‘ৱাশ্বিং পাউডাৰ নিৰ্মা’’ৰ বিজ্ঞাপন সদৃশ পোষ্টাৰত নিৰ্মা ৰ্গালৰ মুখত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখায়ব আছে (Poster against Assam CM)। লগতে আছে ৭ গৰাকী বিজেপি তথা‌ বিজেপিৰ সহযোগী দলৰ নেতাৰ ফটো । এইসকলৰ ভিতৰত আছে এসময়ৰ মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ নেতা আৰু বৰ্তমান বিজেপিৰ নেতা নাৰায়ণ ৰানে, এসময়ত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেতা বৰ্তমান বিজেপিৰ নেতা সুভেন্দু অধিকাৰীৰ ফটো ৷

লগতে আছে এসময়ত অন্ধ্ৰ প্ৰদেশৰ তেলগু দেশম পাৰ্টীৰ নেতা বৰ্তমান বিজেপিৰ নেতা সুজনা চৌধুৰী, এসময়ত মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ নেতা বৰ্তমান বিজেপিৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া, কৰ্ণাটকৰ বিজেপি নেতা ভিৰূপাশপ্পা, এশ্বৰাপ্পা আদিৰ ফটো । এইসকলৰ ফটোৰ তলত "Welcome PM Modi to Assam" লিখা আছে । এইসকলৰ অধিকাংশ অইন দলৰ পৰা বিজেপিত যোগদান কৰাৰ লগতে এইসকলৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ আছে ।

লগতে পঢ়ক :AIIMS Guwahati : অসমবাসীয়ে লাভ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান

ABOUT THE AUTHOR

...view details