অসম

assam

ETV Bharat / state

AEC students death: ৭ মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ বাবে দায়ী কোন ? - Jalukbari road accident

গুৱাহাটীৰ ৰাজপথত প্ৰাণ গ’ল ৭ গৰাকীকৈ ছাত্ৰৰ ৷ দুৰ্ঘটনাত প্ৰাণ গ’ল অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ গৰাকীকৈ ছাত্ৰৰ ৷ মাজনিশা সংঘটিত দুৰ্ঘটনাত প্ৰাণ গ’ল AEC ৰ ৭ মেধাৱী ছাত্ৰৰ (Guwahati terrible road accident) ৷

AEC students death
AEC students terrible road accident

By

Published : May 29, 2023, 10:10 PM IST

৭ মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ বাবে দায়ী কোন ?

গুৱাহাটী, 29মে’:দেওবাৰে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল’লে অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7 গৰাকী মেধাবী ছাত্ৰই ৷ মহানগৰীৰ ৰাজপথত মৃত্যু গুৱাহাটীৰ অৰিন্দম ভৱাল আৰু নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মহন, নগাঁৱৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক বৰুৱাৰ (Guwahati terrible road accident) ।

এই ঘটনাত আহত ৩ জন ছাত্ৰৰ লগতে আন তিনিজন লোককে ধৰি মুঠ ৬ জন এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন ৷ এই অকাল মৃত্যুক লৈ এতিয়া ৰাজ্যজুৰি বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ৷ কেনেকৈ মৃত্যু ঘটিল এন ৭ জন ছাত্ৰৰ ? প্ৰশ্ন উঠিছে দায়ী কোন ? ঘাতক ৰাজপথ, অৰাজক শিক্ষানুষ্ঠান নে বলীয়া সুৰাৰ তাণ্ডৱ (Seven students died in Guwahati)?

মাজনিশা কিয় ওলাই গৈছিল ৭ ছাত্ৰ ?

দেওবাৰৰ দিনটো এক উখল-মাখল পৰিৱেশ চলি আছিল জালুকবাৰীৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ত ৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলৰ পাৰ্শ্বক্ৰিয়া মাৰ যোৱাই নাছিল ৷ দেওবাৰে আবেলি ৪ বজাত এখন স্ক’ৰপিঅ’ গাড়ী ভাড়ালৈ লৈছিল AECৰ ৭ নং ছাত্ৰাবাসৰ আবাসী ভূঞা উপাধিৰ ছাত্ৰজনে৷ তেতিয়া কোনেও ভবা নাছিল যে, এই স্ক’ৰপিঅ’খনেই প্ৰাণ কাঢ়ি নিব হোষ্টেলটোৰ ৭ জনকৈ মেধাৱী ছাত্ৰৰ ৷ AEC ৰ ছাত্ৰকেইজন দেওবাৰে নিশা ওলাই গৈছিল দুৰ্ঘটনাস্থলীৰ সমীপৰ নিজৰ শিক্ষানুষ্ঠানৰ পৰা (AEC accident news) ৷

তথ্যমতে নিশা ১০ বজাত প্ৰথমবাৰ ওলাই গৈছিল হোষ্টেলৰ পৰা । ঘূৰি আহি পুনৰ নিশা ১২ বজাত হোষ্টেলৰ পৰা আকৌ ৩ গৰাকী ছাত্ৰক লৈ ওলাই গৈছিল স্ক’ৰপিয়’খন ৷ AEC ৰ ছাত্ৰই জনোৱা মতে শুই থকাৰ পৰা উঠাই নিয়া হৈছিল ছাত্ৰ ৩ গৰাকীক৷ পৰৱৰ্তী সময়ত জালুকবাৰীৰ ডিভাইডাৰ পাৰ হৈ তীব্ৰ বেগত গৈ এখন ব্ৰয়লাৰ কঢ়িওৱা ডি আই ভেনত খুন্দিয়াইগৈ স্কৰপিঅ’খনে ৷ থিতাতে মৃত্যু ঘটে ৭ গৰাকীকৈ ছাত্ৰৰ ৷ ৩ জন ছাত্ৰ এতিয়াও চিকিৎসাধীন ৷ চিকিৎসাধীন হৈ আছে ডি আই ভেনখনৰ ২ চালক-হেণ্ডিমেনো (Jalukbari road accident) ৷

সুৰাই মাতিলে নেকি অকাল মৃত্যু ?

এতিয়া কথা হ’ল নিশা কি কৰিবলৈ ছাত্ৰাবাসৰ পৰা ওলাই আহিছিল ছাত্ৰ কেইজন ? তথ্যমতে প্ৰথমে চানডুবিলৈ স্ক’ৰপিয়’ বাহনখনেৰে গৈছিল ৭ জন ছাত্ৰ ৷ তাতে পান-ভোজন কৰি উভতি আহিছিল ছাত্ৰৰ দলটো ৷ দলটোত আছিল AECৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত পৰাজিত হোৱা দুজনকৈ প্ৰাৰ্থী ৷ মাজনিশা ১২ বজাত আকৌ AEC চৌহদৰ পৰা ওলাই অহাৰ পিচত জালুকবাৰীৰ ৰাজপথত অকাল মৃত্যুক সাৱটিলে বাহনখনত অহা ১০ জন ছাত্ৰৰ ৭ জনে ৷ দুৰ্ঘটনাগ্ৰস্ত স্ক’ৰপিঅ’ বাহনখনত ওলাইছে সুৰাৰ বটল ৷ একাংশৰ মতে অত্যধিক সুৰাপানৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ল ৷

AEC ত অৰাজকতাই ছাত্ৰৰ মৃত্যুৰ অন্যতম কাৰণ নেকি !

AEC ৰ ছাত্ৰাবাসৰ বিৰুদ্ধে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ এই ৭ জনকৈ মেধাৱী ছাত্ৰৰ মৃত্যুৰ পিছত পুনৰ অভিযোগৰ আঙুলি উত্থাপন হৈছে AECৰ ছাত্ৰৰ অনুশাসন আৰু অৰাজকতাক লৈ ৷ AECৰ প্ৰশাসনীয় ব্যৱস্থাত দুৰ্বলতা থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলিও অভিযোগ উঠিছে ৷ ছাত্ৰাবাসৰ নিয়ম-নীতি থকা স্বত্বেও নিশা কি দৰে ছাত্ৰ দলটোৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হ’ল ? উত্থাপন হৈছে অনেক প্ৰশ্ন ৷ প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱক সকলেও, AEC কৰ্তৃপক্ষলৈ টোঁৱাইছে অভিযোগৰ আঙুলি ৷

সাধাৰণতে এজন শিক্ষাৰ্থী হোষ্টেলত থকা সময়ত হোষ্টেলৰ কৰ্তৃপক্ষ বহু পৰিমাণে দায়বদ্ধ ৷ নিয়মানুৱৰ্তিতা আৰু সুশৃংখলিত জীৱনৰ পাঠ বহুতেই শিকে হোষ্টেলতে । হোষ্টেলত থাকে এগৰাকী অধীক্ষক ৷ সেয়ে এতিয়া সকলোৱে জালুকবাৰীৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত বহুতেই দায়বদ্ধ হোষ্টেল কৰ্তৃপক্ষক দায়বদ্ধ কৰিব খুজিছে ৷

লগতে পঢ়ক:Road accident in Guwahati: মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা ; থিতাতে নিহত ৭ জন যুৱক

এইদৰে হোষ্টেলৰ পৰা নিশা বাহিৰলৈ ছাত্ৰ ওলাই যোৱাতো AEC ত সাধাৰণ বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷ কিন্তু কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই কোনো বিশেষ ব্যৱ স্থা । গতিকে এই ৭ গৰাকী ছাত্ৰৰ মৃত্যুৰ বাবে আভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ ছাত্ৰাবাসৰ অৰাজক পৰিৱেশো যথেষ্ট দায়ী বুলি চৰ্চিত হৈছে ৷

আনহাতে দুৰ্ঘটনাগ্ৰস্ত স্ক’ৰপিঅ’খনত নিৰপত্তাৰ বাবে থকা বেলুন খোল নোখোৱাক লৈয়ো লগতে প্ৰশ্ন উত্থাপন হৈছে ৷ দুৰ্ঘটনাৰ তদন্তৰ লগতে গাড়ীখনত যথোচিত নিৰাপত্তা ব্যৱস্থাত খুঁত আছিল নেকি তাকো তদন্ত কৰিব আৰক্ষীয়ে ৷ সকলোৰে কামনা, কাৰণ যিয়েই নহওক এই ঘটনাই অকাল মৃত্যুৰ শেষ ঘটনা হওক ৷

ABOUT THE AUTHOR

...view details