অসম

assam

By

Published : Feb 22, 2022, 5:01 PM IST

ETV Bharat / state

পৌৰ নিৰ্ব‍াচন 2022 : কি স্থিতিতি এজেপি, ৰাইজৰ দল ?

দল গঠন হোৱা প্রায় এটা বছৰ হোৱাৰ পাছতো তৃণমূল পর্যায়ত এজেপি আৰু ৰাইজৰ দলৰ ভেটি একেবাৰে দুৰ্বল হৈয়ে আছে । যাৰ বাবে পৌৰ নিৰ্বাচনত (Assam municipal election 2022) আঞ্চলিক দল দুটাই সকলো স্থানতে প্রার্থী দিবলৈ সক্ষম হোৱা নাই । ক্ষমতাৰ স্বাৰ্থত দুয়োটা দলেই পূর্বতে শত্রু জ্ঞান কৰা কংগ্ৰেছৰ সৈতে এতিয়া হাত মিলাইছে । পৌৰ নিৰ্বাচনত বহু ৱাৰ্ডত কংগ্ৰেছ, ৰাইজৰ দল আৰু জাতীয় পৰিষদে সন্মিলিতভাৱে প্রার্থী দিছে । বিজেপিয়ে আগ্রাসী বিজেপিক ৰুধিব পৰা নাই বিৰোধী শক্তিয়ে । পৌৰসভাৰ ৬০ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বীতাৰে জয়ী বিজেপি প্ৰাৰ্থী ।

municipal election
পৌৰ নিৰ্ব‍াচন 2022 : কি স্থিতিতি এজেপি, ৰাইজৰ দল ?

গুৱাহাটী,২২ ফেব্ৰুৱাৰী :বিধানসভা নিৰ্বাচনৰ পূৰ্বে জন্ম লাভ কৰা অসম জাতীয় পৰিষদ (এজেপি) আৰু ৰাইজৰ দলে এতিয়াও নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ সক্ষম হোৱা নাই । দল গঠন হোৱা প্ৰায় এটা বছৰ হৈ গ'ল যদিও তৃণমূল পৰ্যায়ত দল দুটাৰ ভেটি আজিও একেবাৰে দুৰ্বল হৈয়ে আছে । যাৰ বাবে পৌৰ নিৰ্বাচনত (Assam municipal election 2022) আঞ্চলিক দল দুটাই সকলো স্থানতে প্ৰাৰ্থী দিবলৈ সক্ষম হোৱা নাই । আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰোধিতা কৰি গঠন হোৱা দল দুটাই ক্ৰমাৎ নিজৰ আঞ্চলিক দলৰ চৰিত্ৰও হেৰুৱাই পেলাইছে ।

পৌৰ নিৰ্ব‍াচন 2022 : কি স্থিতিতি এজেপি, ৰাইজৰ দল ?

অভিযোগ উত্থাপিত হৈছে যে, ক্ষমতাৰ স্বাৰ্থত দুয়োটা দলেই পূৰ্বতে শত্রু জ্ঞান কৰা কংগ্ৰেছৰ সৈতে এতিয়া হাত মিলাইছে । পৌৰ নিৰ্বাচনত বহু স্থানত কংগ্ৰেছ, ৰাইজৰ দল আৰু জাতীয় পৰিষদে সন্মিলিতভাৱে প্ৰাৰ্থী থিয় কৰোৱা পৰিলক্ষিত হৈছে । অথচ অসম জাতীয় পৰিষদে সৌ সিদিনাখনলৈকে ৰাষ্ট্রীয় কোনো দলৰ সৈতে মিত্ৰতা নকৰা বুলি স্পষ্ট কৰি দিছিল । কিন্তু বিজেপিৰ শক্তি বৃদ্ধি পোৱা দেখিয়েই এতিয়া দলটোৱে নিজৰ স্থিতি সলনি কৰিছে ।

পৌৰ নিৰ্ব‍াচন 2022 : কি স্থিতিতি এজেপি, ৰাইজৰ দল ?

লক্ষণীয় বিষয় যে মধ্য আৰু উজনি অসমৰ কিছু কিছু স্থানত আঞ্চলিক দল দুটাই বিৰোধীক একত্রিত কৰি প্রার্থী দিছে যদিও বৰাক আৰু নামনি অসমত দল দুটাৰ সাংগঠনিক ভেটি এতিয়াও অতি দুৰ্বল হৈয়ে আছে । এনে পৰিস্থিতিত দল দুটাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে ৰাইজক আকৰ্ষিত কৰিব পৰা নাই । আনকি দল গঠন হোৱাৰ এটা বছৰ হোৱাৰ পাছতো আঞ্চলিক দল দুটাই সাংগঠনিক ভেটি গঢ়ি সবল কৰাত যিদৰে ব্যৰ্থ হৈছে তাৰ পৰা অসমৰ ৰাইজ নিশ্চিত হৈছে যে কোনো চমৎকাৰ নহ'লে অনাগত সময়ত এই দুটা দলে কেতিয়াও দিছপুৰত গাদী দখল কৰিব নোৱাৰে ।

পৌৰ নিৰ্ব‍াচন 2022 : কি স্থিতিতি এজেপি, ৰাইজৰ দল ?

মন কৰিব লগীয়া কথা যে বিগত বিধানসভাৰ নিবার্চনত এখন আসনো দখল কৰিবলৈ সক্ষম নোহোৱা অসম জাতীয় পৰিষদে বিগত সময়ছোৱাত বিৰোধীৰ সবল ভূমিকাও পালনত ব্যর্থ হৈছে । আনহাতে ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়ে বিধানসভাৰ মজিয়াত বিভিন্ন বিষয়ত মাত মাতি আহিছে যদিও আন সময়ছোৱাত দলটোৱে বিৰোধীৰ ভূমিকা পালন কৰাত ব্যৰ্থ হৈছে । দুয়োট‍া দলেই ৰাইজৰ আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

পৌৰ নিৰ্ব‍াচন 2022 : কি স্থিতিতি এজেপি, ৰাইজৰ দল ?

সাধাৰণতে কোনো এটা দল গঠন হোৱাৰ পাছত দলটোৱে নিজৰ সাংগঠনিক ভেটি সবল কৰাৰ বাবে গাঁৱে-ভূঞে সোমাই পৰে । কিন্তু গাঁৱে-ভূঞে সোমাই দলৰ ভেটি সবল কৰাতো দূৰৈৰ কথা, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে নগৰ অঞ্চলতো নিজৰ ভেটি শক্তিশালী কৰিব পৰা নাই । দলৰ এনে কাম কাজক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে দল দুটাৰ হৈ কাম কৰি অহা কৰ্মীসকলে ।

ইফালে দেখা গৈছে যে, বিজেপিয়ে আগ্রাসী মনোভাবেৰে ৰাজ্যৰ চুকে-কোণে সোমাই দলৰ ভেটি শক্তিশালী কৰি তুলিছে । তৃণমূল পর্যায়ত গেৰুৱা দলটোৰ ভেটি দিনক দিনে সবল হোৱাৰ বিপৰীতে কিন্তু শতিকা পুৰণি কংগ্ৰেছ দলৰে অৱস্থা শোচনীয় হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত পৌৰসভাৰ ৬০ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বীতাৰে জয়ী হ'বলৈ সক্ষম হৈছে ।

বিজেপিয়ে যেন নিঃশেষ কৰি পেলাব খুজিছে আন বিৰোধী দলসমূহক । এনে পৰিৱেশত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কিদৰে অনাগত দিনত নিজৰ অস্তিত্ব বর্তাই ৰাখি ৰাজনীতি কৰিব তাকলৈ প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক :Municipal Election 2022: পৌৰসভা নিৰ্বাচনত কোনে, কাক, ক'ত দিছে ভাবুকি ?

ABOUT THE AUTHOR

...view details