গুৱাহাটী,11 নৱেম্বৰ: এইবাৰ শৰতত গ্ৰন্থৰ সুবাস নাপাব গ্ৰন্থানুৰাগীয়ে । মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী পক্ষই এই মুহুৰ্তলৈকে দিয়া নাই গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ অনুমতি । শীতৰ সমান্তৰালকৈ সাধাৰণতে ৰাজ্যৰ প্ৰায়বোৰ প্ৰধান চহৰৰ গ্ৰন্থমেলাৰ বাকৰিত লোকে লোকাৰণ্য হোৱাৰ পৰিৱেশ পূৰ্বে দেখা গৈছিল । কিন্তু এইবাৰ তেনে কোনো পৰিৱেশ দেখাৰ সৌভাগ্য নহ’বও পাৰে । কিয়নো প্ৰায় কেইখন গ্ৰন্থমেলা সমিতিয়ে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে বিভাগীয় অনুমতি বিচাৰিছে যদিও এইমুহুৰ্তলৈকে প্ৰদান কৰা নাই কোনোধৰণৰ ইতিবাচক সঁহাৰি । যাৰ বাবে শাৰদীয় গ্ৰন্থমেলা উৎসৱ উদযাপন সমিতিয়ে একপ্ৰকাৰ অনিশ্চয়তাত ভূগিছে ।
ৰাজ্যৰ দুখন গ্ৰন্থ সমিতি হ’ল উত্তৰ-পূৱ গ্ৰন্থমেলা আৰু অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰা গ্ৰন্থমেলা । দুয়োখন গ্ৰন্থমেলাৰ আয়োজকসকলে এতিয়া চৰম অনিশ্চয়তাত ভূগিছে । 2019 বৰ্ষত উত্তৰ-পূৱ গ্ৰন্থমেলাই গ্ৰন্থানুৰাগীৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল যদিও অসম প্ৰকাশন পৰিষদে সক্ষম হ'ব পৰা নাছিল উক্ত বৰ্ষত গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ । কিয়নো 2019 ৰ নৱেম্বৰৰ পৰা বিশ্বজুৰি আৰম্ভ হৈছিল কৰ’ণাৰ আতংক ।
উক্ত বৰ্ষত উত্তৰ-পূৱ গ্ৰন্থমেলাত 120-130 খন বিপণী তথা প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰিবলগীয়া 23 সংখ্যক গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলৈ যোগাযোগ কৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় 130 খন বিপণীয়ে । কৰ’ণাৰ সংক্ৰমণ কিছু পৰিমাণে স্তিমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন গ্ৰন্থমেলাৰ আয়োজকসকলে 2020 বৰ্ষত শেহতীয়াকৈ হ’লেও গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ অনুমতি বিচাৰি আবেদন কৰিছে । অসম প্ৰকাশন পৰিষদৰ সম্পাদক প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে, প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ডিচেম্বৰ মাহত অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ অনুমতি বিচাৰি আবেদন কৰা হৈছে । বিভাগীয় কৰ্তৃপক্ষই অনুমতি প্ৰদান কৰিলে সম্ভৱতঃ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰফালে অনুষ্ঠিত কৰিব পৰা যাব পৰিষদৰ 23 সংখ্যক গ্ৰন্থমেলা । প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা অনুষ্ঠিত হ’লে গ্ৰন্থানুৰাগীৰ বাবে এইবাৰৰ মুখ্য আকৰ্ষণ হ’ব ৰাজ্যৰ বিভিন্ন জাতি, জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিক প্ৰতিফলিত কৰি প্ৰকাশ কৰি উলিওৱা ভালেসংখ্যক গ্ৰন্থ । প্ৰায় 120 খন বিপণীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই গ্ৰন্থমেলাত পাঠকে পঢ়িবলৈ পাব পৰিষদে প্ৰকাশ কৰি উলিওৱা নবীন-প্ৰবীণ লেখক-লেখিকাসকলৰ শতাধিক নতুন গ্ৰন্থ ।