গুৱাহাটী, ২০ জানুৱাৰীঃ উত্তৰ-পূব প্রগতিশীল গাহৰি পালক সন্থাই বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়ােজন কৰি গাহৰি পালনৰ ক্ষেত্ৰত সন্মুখীন হােৱা নানা অসুবিধাৰ বিষয়ে বিস্তৃতভাৱে বিৱৰণ দাঙি ধৰে ।
অসমৰ গাহৰি পালকসকলে বিগত এবছৰ ধৰি গাহৰি পালনৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । আৰম্ভণিতে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, কামৰূপ আদি বিভিন্ন জিলাত জানুৱাৰী ২০২০ৰ পৰা গাহৰিৰ আকস্মিক মৃত্যু আৰু তাৰ পাছতে ক‘ভিড মহামাৰীৰ বাবে দিয়া লকডাউনৰ ফলত পালকসকলে গাহৰিৰ খাদ্য সামগ্রী ক্ৰয় কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ তদুপৰি ছােৱাইন ফিভাৰৰ দৰে মাৰাত্মক মহামাৰীয়ে গােটেই গাহৰিৰ ক্ষেত্ৰখন গ্রাস কৰি পেলায় ৷ য'ত বহুতাে পালকে তেওঁলােকৰ জীৱিকাৰ বাবে কোনাে উপাৰ্জনৰ বাট নেদেখা হয় আৰু আর্থিকভাৱে জুৰুলা হৈ পৰাৰ লগতে অসমত প্ৰায় ১ লাখ পশুপালক পৰিয়াললৈ অন্ধকাৰ নামি আহিছে বুলি সন্থাৰ সভাপতি মনোজ কুমাৰ বসুমতাৰীয়ে মন্তব্য কৰে ।
ৰাজ্যত প্ৰায় ১ লাখ গাহৰিপালকৰ পৰিয়াললৈ নামিছে অন্ধকাৰ উত্তৰ-পূব প্রগতিশীল গাহৰি পালক সন্থা (অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক ভিত্তিত গাহৰি পালক সন্থা)ই অবিৰতভাৱে এই বিষয়সমূহ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ওচৰত উপস্থাপন কৰি আহিছে যদিও কর্তৃপক্ষৰ ফালৰ পৰা এই ৰােগ নিবাৰণৰ আজিকোপতি কোনাে সক্রিয় সঁহাৰি লাভ কৰা নাই । চৰকাৰৰ ওচৰত সন্থাটোৱে এই গাহৰি পালনৰ ক্ষেত্ৰত ইতিমধ্যে দহ বছৰমান পিছপৰি যােৱা পালকসকলক কিছু সকাহ দি গাহৰি পালনৰ ক্ষেত্ৰত এক সুস্থ পৰিৱেশ গঢ়ি তােলাৰ বাবে তাৎক্ষণিত পদক্ষেপ গ্রহণ কৰাৰ বাবে আহ্বান জনায় ।
আনহাতে, উত্তৰ-পূৱ প্রগতিশীল গাহৰি পালক সন্থাই মুখ্যমন্ত্রী, কৃষি আৰু পশুপালন মন্ত্রীৰ লগতে বিভাগীয় কর্তৃপক্ষক বহুবাৰ স্মাৰক পত্ৰ প্রেৰণ কৰা সত্ত্বেও আজিকোপতি পালকসকলে কোনােধৰণৰ উচিত সঁহাৰি লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে । উত্তৰ-পূৱ প্রগতিশীল গাহৰি পালক সন্থাই এই বিষয়ে উচ্চ ন্যায়ালয়ৰ ওচৰতাে লিখিত অভিযােগ দাখিল কৰিছে ৷
তদুপৰি সন্থাই কোনাে প্রতিষেধক নােলােৱা পর্যন্ত এই বেমাৰ যাতে সমগ্ৰ দেশতে বিয়পি নপৰে তাৰ বাবে বাহিৰৰ পৰা অহা গাহৰিৰ যাতায়াত বন্ধ কৰাৰ বাবে প্রচেষ্টা চলাই আহিছে ।
লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ 6 লাখ হিতাধিকাৰীলৈ PMAY-G আঁচনিৰ আৰ্থিক সাহাৰ্য প্ৰধানমন্ত্ৰীৰ