অসম

assam

ETV Bharat / state

আজিৰেপৰা ৰাজ্যত বন্ধ হ'ল গাহৰি মাংসৰ বিক্ৰী - কৃষক

সাৱধান ! কৰ'ণাৰ সমানেই ৰাজ্যত এতিয়া আন এক আতংকৰ নাম গাহৰি ৷ ৰাজ্যত 1964 টাকৈ গাহৰিৰ মৃত্যু ৷ বৰ্তমানেও জানিব পৰা হোৱা নাই গাহৰিৰ মৃত্যুৰ কাৰণ ৷ অচিন ৰোগে বাহ লৈছে গাহৰিৰ দেহত,ভয়ানক আশংকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি নিষিদ্ধ হ'ল গাহৰিৰ মাংস ৷

pork selling banned on Assam
আজিৰেপৰা ৰাজ্যত বন্ধ হ'ল গাহৰি মাংসৰ বিক্ৰী

By

Published : Apr 25, 2020, 6:22 PM IST

গুৱাহাটী, 25 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংক মাৰ নৌযাওঁতেই ৰাজ্যত এতিয়া গাহৰিৰ আতংক ৷ সমগ্ৰ ৰাজ্যতে তৎকালীনভাৱে নিষিদ্ধ ঘোষণা কৰা হ'ল গাহৰি মাংসৰ বিক্ৰী ৷ এক অচিন ৰোগত আক্ৰান্ত হৈ ৰাজ্যৰ ধেমাজি,লখিমপুৰ, বিশ্বনাথ,যোৰহাট আৰু শিৱসাগৰ জিলাত এতিয়ালৈকে মৃত্যু হৈছে 1964টাকৈ গাহৰি ৷ আজি বিয়লি এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই ঘোষণা কৰিছে এই কথা ৷ ইতিমধ্যে সমগ্ৰ বিষয়টো গুৰত্ব সহকাৰে বিবেচনা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিভাগটোৰ শীৰ্ষ বিষয়া তথা কেইবাগৰাকীও পশু চিকিৎসকৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা ৷ ইয়াৰ পিছতে আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ অসমতে গাহৰি মাংস বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হয় ৷

আজিৰেপৰা ৰাজ্যত বন্ধ হ'ল গাহৰি মাংসৰ বিক্ৰীঃঅতুল বৰা

ইপিনে,সংবাদমেলত মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে,বৰ্তমানেও থিৰাং কৰিব পৰা হোৱা নাই কি ৰোগ বা বীজাণুৰ ফলত আক্ৰান্ত হৈ মৃত্যু হৈছে গাহৰিৰ ৷ ইয়াৰ লগতে এই ৰোগ ছোৱাইন ফ্লু নহয় বুলিও মন্ত্ৰী অতুল বৰাই স্পষ্ট কৰি দিয়ে ৷ ইতিমধ্যে গাহৰিৰ পৰা নমুনা সংগ্ৰহ কৰি ভূপালৰ ICAR National Institute of High Security Animal Disease Laboratory লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । তাৰ পৰা ফলাফল অহাৰ পিছতহে এই ৰোগৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । আনহাতে লক ডাউনৰ সময়ছোৱাত অসমৰ কৃষকে 475 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কৃষকৰ 34 কোটি টকা ক্ষতি হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ৷

আজিৰেপৰা ৰাজ্যত বন্ধ হ'ল গাহৰি মাংসৰ বিক্ৰী

লগতে পঢ়কঃ আজিৰেপৰা আৰম্ভ হ'ল ই-পাছৰ জৰিয়তে গৃহমুখী যাত্ৰা

ABOUT THE AUTHOR

...view details