অসম

assam

ETV Bharat / state

জন্মদিনত চিৰিখানাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গছপুলি ৰোপণ

নিজৰ জন্মদিন উপলক্ষে বুধবাৰে অসম ৰাজ্যিক চিৰিয়াখানত উপস্থিত হৈ গছপুলি ৰোপণ কৰে আবকাৰী, পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লাবৈদ্যই ৷ গছপুলি ৰোপণৰ অন্তত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

By

Published : Jan 20, 2021, 10:29 PM IST

Porimal suklaboidya visited assam state zoo
জন্মদিনত চিৰিখানাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গছপুলি ৰোপণ

গুৱাহাটী, 20 জানুৱাৰী :বুধবাৰে নিজৰ জন্মদিন উপলক্ষে অসম ৰাজ্যিক চিৰিয়াখানত উপস্থিত হৈ গছপুলি ৰোপণ কৰিলে আবকাৰী, পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ গছপুলি ৰোপণৰ অন্তত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ লাহে লাহে হ্ৰাস পাইছে ৷ সেয়ে পুনৰ দেওহাঁহ অসমত বৃদ্ধি কৰিবৰ বাবে চেক গণৰাজ্যৰ পৰা দুটাকৈ দেওহাঁহ অনা হ‘ব ৷ আগন্তুক ২৪ ফেব্ৰুৱাৰীত দেওহাঁহ দুটা ভাৰত পাবহি বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

জন্মদিনত চিৰিখানাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গছপুলি ৰোপণ
আনহাতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে বিজেপিৰ মিছন 100 সফল হ‘বই বুলি কয় ৷ তদুপৰি cত দলটোৱে 15খন আসনৰ অধিকাংশতে জয়লাভ কৰিব বুলি আশা কৰে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details