অসম

assam

ETV Bharat / state

চিকিৎসালয়ে ইটিপি ব্যৱহাৰ কৰাতো বাধ্যতামূলক

চিকিৎসা ক্ষেত্ৰত বায়’ মেডিকেল ব্যৱহাৰ্য সামগ্ৰীসমূহ ধ্বংস কৰাৰ ব্যৱস্থাৰ্থে প্ৰতিখন চিকিৎসালয়ে ইটিপি ব্যৱহাৰ অৰ্থে বুধবাৰে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ উদ্যোগত শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

চিকিৎসালয়ে ই টি পি ব্যৱহাৰ কৰাতো বাধ্যতামূলক
চিকিৎসালয়ে ই টি পি ব্যৱহাৰ কৰাতো বাধ্যতামূলক

By

Published : Feb 25, 2021, 1:20 PM IST

গুৱাহাটী,25 ফেব্ৰুৱাৰী: বুধবাৰে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ উদ্যোগত শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ এই সজাগতা সভাত মহানগৰৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ৰ বিষয়ববীয়া উপস্থিত থাকে ৷ চিকিৎসা ক্ষেত্ৰত বায়’ মেডিকেল ব্যৱহাৰ্য সামগ্ৰীসমূহ ধ্বংস কৰা ব্যৱস্থাৰ্থে প্ৰতিখন চিকিৎসালয়ে ব্যৱহাৰ কৰিব লাগিব এই ইটিপি । যাৰ উদ্দেশ্যে এই সজাগতা সভাখন অনুষ্ঠিত কৰা হয় ৷

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ আঞ্চলিক বিষয়া বকুল ভূঞাই মন্তব্য কৰে যে, প্ৰতিখন চিকিৎসালয়ে ব্যৱহাৰ কৰিব লাগিব ইটিপি মেচিন । অন্যথা আইন মতে ভৰিব লাগিব জৰিমনা ৷ আনকি লেবৰেটৰীসমূহেও ইটিপি ব্যৱহাৰ কৰাটো বাধ্যতামূলক ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ চিকিৎসালয়সমূহত ইটিপি ব্যৱস্থা কৰা হৈছে ৷ কামৰূপ মহানগৰৰ প্ৰতিখন ডায়’গনেষ্টিক আৰু লেবৰেটৰীসমূহে ব্যৱহাৰ কৰিব লাগিব এই ইটিপি ৷

উল্লেখ্য যে, কামৰূপ (গ্ৰাম্য), নলবাৰী, বঙাইগাঁও, মৰিগাঁও আৰু নগাঁও পাঁচখন জিলাৰ বায়’মেডিকেল ৱেষ্ট জেনেৰেটখিনি পানীখাইতি কমন বায়’ মেডিকেল ৱেষ্ট জেনেৰটৰ ফেষ্ট ৱাৰ মেনেজমেণ্ট যোগেদি নষ্ট কৰা হয় ৷

লগতে পঢ়কঃআধাৰশিলা স্থাপনত গুৰুত্ব বিধায়ক উৎপল বৰাৰ !

ABOUT THE AUTHOR

...view details