খহি পৰিল অসমৰ অভিনয় জগতৰ আন এক ভোটাতৰা গুৱাহাটী.,২২ জানুৱাৰী:খহি পৰিল অসমৰ অভিনয় জগতৰ আন এক ভোটাতৰা । জীৱন যুঁজত হাৰ মানিলে যশস্বী অভিনেতা প্ৰাণজিৎ দাসে । দেওবাৰে পুৱা ১০ বজাত গুৱাহাটীৰ মেট্ৰ' হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে(Pranjit Das Passed Away) । ইতিমধ্যে অভিনেতাগৰাকীৰ বাসগৃহলৈ লৈ যোৱা হয় প্ৰবীণ অভিনেতাগৰাকীৰ নশ্বৰ দেহ ।
অভিনেতাগৰাকীৰ নশ্বৰ দেহ বাসগৃহলৈ নিয়াৰ পাছতেই শোকত ভাগি পৰিছে পৰিয়ালৰ লোকসকল । আপোনজনক হেৰুৱাই কান্দি কান্দি ভাগি পৰিছে প্ৰাণজিৎ দাসৰ পত্নী । তেওঁ জনাই যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে । চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়তো কোনো ধৰণৰ আৰ্থিক সহযোগিতা লাভ নকৰিলে পৰিয়ালটোৱে ।
প্ৰবীণ অভিনেতাগৰাকীৰ দেহাৱসানৰ খবৰ লাভ কৰাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে গভীৰ শোক প্ৰকাশ কৰে । দীৰ্ঘসময় ধৰি অনন্য অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা প্ৰাণজিত্ দাসৰ কৰ্মৰাজী স্মৰণীয় হৈ ৰ'ব বুলি ফেচবুকযোগে শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে ।
ইয়াৰ বিপৰীতে অভিনেতাগৰাকী চুক্তিবদ্ধ হৈ থকা থিয়েটাৰখনৰো পৰিচালক তথা অভিনেতা অভিনেত্ৰীকো শিল্পীজনক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈও উপস্থিত হোৱা দেখা নগল । দেওবাৰে নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । উল্লেখ্য যে কিছুদিন পূৰ্বে সূৰ্য থিয়েটাৰৰ ‘পৰশুনাথৰ প্ৰেয়সী’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰি ঘৰলৈ ওভতাৰ সময়তে অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী ।
হঠাৎ অসুস্থ হৈ পৰা অভিনেতাগৰাকীক লগে লগে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত । প্ৰথমে অভিনেতাগৰাকীক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়(Pranjit Das health condition deteriorates) । পিছত উন্নত চিকিৎসাৰ বাবে শিল্পীগৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু মেট্ৰ' হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল(Veteran actor Pranjit Das passes away) ।
বিগত ১৬ টা দিনে জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতাগৰাকীয়ে । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৬১ বছৰ । ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰায়সংখ্যক নাটকতে মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল বৰ্ষীয়ান অভিনেতাগৰাকী । চুৰেন চোৰৰ পুতেক, চেনাই মোৰ ঢুলীয়া, আদিৰ দৰে বহু জনপ্ৰিয় অসমীয়া ছবিত নিজৰ দক্ষ অভিনয়ৰ জৰিয়তে অসমৰ দৰ্শকৰ মনত খোপনি পুতিছিল অভিনেতাগৰাকীয়ে(Veteran Theatre actor Pranjit Das) ।
লগতে পঢ়ক:Pranjit Das is no more: ভ্ৰাম্যমাণৰ মঞ্চ উকা কৰি গুচি গ'ল বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাস