গুৱাহাটী,13 ছেপ্তেম্বৰ:ৰাজ্যৰ পাঁচগৰাকী দৰিদ্ৰ ছাত্ৰক বিনামূলীয়াকৈ সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে সাজু কৰি তুলিব অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে । তাৰ বাবে লিখিত আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি বাছনি কৰিব পাঁচ মেধাৱী ছাত্ৰক । নিৰ্বাচিত ছাত্ৰ অথবা ছাত্ৰীগৰাকীক সম্পূৰ্ণ 10 মাহ সময় বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰি সাজু কৰি তুলিব UPSC আৰু APSC পৰীক্ষাৰ বাবে ।
শনিবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰিলে বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টৰ তৰফৰ পৰা সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে । 30 ছেপ্তেম্বৰত ইয়াৰ বাবে অনুষ্ঠিত হ’ব বাছনি পৰীক্ষা । 10 অক্টোবৰত অনুষ্ঠিত হ’ব মৌখিক পৰীক্ষা । লিখিত পৰীক্ষাত অৱৰ্তীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীগৰাকীৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 1 লাখৰ অধিক হ’ব নোৱাৰিব বুলিও সংবাদমেলখনত সদৰী কৰে বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ নন্দিতা শৰ্মা গোস্বামীয়ে ৷