গুৱাহাটী, 9 জুন : শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে- এই কথাষাৰেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গুৱাহাটীৰ এগৰাকী মেধাৱী ছাত্ৰই(Poor student achievement) ।
দৰিদ্ৰতাক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই মহানগৰীৰ বীৰকুছিস্থিত কলিতাকুছিৰ তুষাৰ কেওঁট নামৰ ছাত্ৰগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC) সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে (Student passed in HSLC Exam with distinction)। মহানগৰীৰ বীৰকুছিস্থিত নন্দ ইংলিছ হাইস্কুলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তুষাৰ কেওঁটে সৰ্বোচ্চ ৫৮২ নম্বৰ লাভ কৰি মাত্ৰ ছয় নম্বৰৰ বাবে শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল ।
উল্লেখ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ তুষাৰৰ পিতৃ ৰামদেৱ কেওঁটে দিন হাজিৰা কৰি কোনোমতে ঘৰখন পোহপাল দি আহিছে । পাহাৰৰ পৰা কেতিয়াবা ঘাঁহ, কেতিয়াবা খৰি সংগ্ৰহ কৰি বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়ালটো পোহপাল দি অহা পিতৃয়ে 2007 চনত পাহাৰত ঘাঁহ আনিবলৈ যাওঁতে বনৰীয়া মেঠোনৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ কেইবাবছৰ ধৰি শয্যাশায়ী হৈ আছিল ।