ৰঙিয়াৰ, 28 ফেব্ৰুৱাৰীঃ ৰঙিয়াৰ সুন্ধিয়া বৰখৰা পথৰ দুৰৱস্থাৰ বাবে বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে ভোগ কৰিছে যমৰ যাতনা ৷ মেৰামতিৰ অভাৱত জহি-খহি গৈ মৃত্যু ফান্দত পৰিণত হৈছে পথটো । এজাক বৰষুণত বোকা-পানীৰে কদৰ্যময় অৱস্থাৰ সৃষ্টি হোৱা পথটো বাৰিষাৰ সময়ত যাতায়তৰ বাবে হৈ পৰে সম্পূৰ্ণ অনুপযোগী । পথটোৰ দুৰৱস্থাৰ বাবে বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিশু, বৃদ্ধ , মহিলাই যমৰ যাতনা ভুগি যাতায়ত কৰিব লগীয়া হয় । ইয়াৰ উপৰিও স্বাস্থ্যজনিত জৰুৰী সেৱাসমূহ পথটোৰ দুৰৱস্থাৰ বাবে সময়তকৈ বহু পলমকৈ ৰাইজৰ ওচৰ গৈ পায় । স্থানীয় ৰাইজে পথটো নিৰ্মাণ আৰু মেৰামতিৰ বাবে বিভাগক বাৰম্বাৰ অনুনয়-বিনয় কৰি আহিছে যদিও এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। অতি সোনকালে ৰাইজে পথটো মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ দাবী জনাইছে ।
মৃত্যু ফান্দত পৰিণত ৰঙিয়াৰ সুন্ধিয়া বৰখৰা পথ - poor roadcondition at rangia
পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিছে ৰঙিয়াৰ সুন্ধিয়া বৰখৰা অঞ্চলবাসীয়ে ৷ মেৰামতিৰ অভাৱত জহি-খহি গৈ মৃত্যু ফান্দত পৰিণত হৈছে ৰঙিয়াৰ সুন্ধিয়া বৰখৰা পথছোৱা পথটো ।
মৃত্যু ফান্দত পৰিণত ৰঙিয়াৰ সুন্ধিয়া বৰখৰা পথ