গুৱাহাটী, ১১জুন : গুণোৎসৱৰ চমক সৃষ্টিৰ পাছতো সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ চৰকাৰী বিদ্য়ালয়ে উন্নত ফলাফল প্ৰদৰ্শনত ব্য়ৰ্থ হৈছে(Bad result of govt. school in hslc)। ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে আধিপত্য বিস্তাৰ কৰিছে (Good result of private school)। শীৰ্ষ দহটা স্থান লাভ কৰা ৫৫ গৰাকী ভিতৰত ৪৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত খণ্ড আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ । চৰকাৰী বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ৪৫.৬১ শতাংশ(govt school pass rate 45.61) ।
গুণোৎসৱৰ চমক সৃষ্টিৰ পাছতো চৰকাৰী বিদ্যালয়ে ভাল ফলাফল দেখুৱাব নোৱাৰাকলৈ ৰাইজৰ মাজত চৰ্চা হৈছে । শিক্ষকৰ অভাৱ, নিয়মানুৱর্তিতাৰ অভাৱ নে আন্তঃগাঁথনিৰ অভাৱ তাক লৈও চৰ্চা চলিছে। চৰকাৰী বিদ্যালয়সমূহত ভাল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি নকৰা বাবে এই বিদ্যালয়ৰ ফলাফল আশাব্যঞ্জক নহয় বুলি একাংশ শিক্ষকে মন্তব্য কৰিছে । তদুপৰি আন্ত:গাঁথনিৰ অভাৱৰ বাবেও চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী নাহে । সেয়েহে আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ কৰণীয় আছে বুলি বহুজনে মন্তব্য কৰিছে ।
ইপিনে,গুৱাহাটী মহানগৰীৰ অতি পুৰণি চৰকাৰী বিদ্যালয়ৰ ফলাফল আশাব্যঞ্জক নহ'ল । মহানগৰীৰ ১৮৮ বছৰ গৰকা ঐতিহ্যমণ্ডিত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সুনাম ধৰি ৰখাত ৰখাত ব্যৰ্থ হৈছে । শিক্ষানুষ্ঠানখনৰ পৰা ৩১ গৰাকীকৈ শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে । মুঠ ৫৭গৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ২৬ গৰাকীয়েহে উত্তীৰ্ণ হৈছে । ৪৫.৬১ শতাংশ উত্তীৰ্ণৰ হাৰ লৈয়ে ক্ষান্ত থাকিবলগীয়া হৈছে ।