অসম

assam

ETV Bharat / state

আন্তঃগাঁথনিৰ অভাৱ; শিক্ষকৰ অভাৱত গণিত শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী - দিছপুৰ বিধানসভা সমষ্টি

৭ বছৰ ধৰি গণিত শিক্ষকৰ অবিহনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে পানবাৰী উচ্চ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ ২০১৫ চনত প্ৰাদেশিকীকৰণ হোৱা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক, পৰ্যাপ্ত ডেক্স বেঞ্চ, কম্পিউটাৰ কিম্বা বিজুলী যোগানৰ ব্যৱস্থা ৷

Poor infrastructure of Panbari High School
পানবাৰী উচ্চ বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি

By

Published : Aug 19, 2021, 7:53 PM IST

গুৱাহাটী, ১৯ আগষ্ট : ৰাজ্যৰ শিক্ষা বিভাগে মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ উন্নীতকৰণৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছে যদিও চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ অধিকাংশৰে দুখ লগা অৱস্থাই শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে । ৰাজ্যত এনে বহু বিদ্যালয় আছে যিসমূহ বিদ্যালয়ত ক'ৰবাত যদি আন্তঃগাঁথনিৰ অভাৱ, ক'ৰবাত আকৌ ছাত্র-ছাত্ৰীৰ অনুপাতে পৰ্যাপ্ত শিক্ষকৰ অভাৱ ।

মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰৰ পানবাৰী অঞ্চলত থকা তেনে এখন বিদ্যালয় হৈছে পানবাৰী উচ্চ বিদ্যালয় । ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ১৯৮৪ চনতেই স্থাপন কৰা হৈছিল বিদ্যালয়খন ৷ বিদ্যালয়খন বিগত ২০১৫ চনত চৰকাৰে প্ৰাদেশিকীকৰণ কৰিছিল ৷

অতি পৰিতাপৰ বিষয়, প্ৰাদেশিকীকৰণ হোৱাৰ পাচতো আজিলৈকে বিদ্যালয়খনৰ অন্তঃগাঁথনিৰ উন্নয়ন সম্ভৱ নহ'ল । প্ৰাদেশিকীকৰণ হোৱাৰ পিছৰ পৰা অৰ্থাৎ যোৱা ৭ বছৰ ধৰি বিদ্যালয় খনত নাই গণিতৰ শিক্ষক । ফলশ্ৰুতিত গণিতৰ শিক্ষক নোহোৱাকৈয়ে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীয়ে প্ৰতিবছৰে অৱতীৰ্ণ হ'ব লগা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।

পানবাৰী উচ্চ বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি

অকল এয়াই নহয় চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক, পৰ্যাপ্ত ডেক্স বেঞ্চ, কম্পিউটাৰ কিম্বা বিজুলী যোগান ব্যৱস্থা । গৰমৰ দিনত বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে গছৰ তলৰ ছাঁত জিৰণি লৈ অধ্যয়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক: বজৰংগ দলৰ নেতাৰ ৰহস্যজনক মৃত্যুকলৈ উত্তপ্ত তেজপুৰ

ৰাজ্য চৰকাৰ শিক্ষা বিভাগে চৰকাৰী খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণৰূপে ডিজিটেল শিক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু তেনে সময়তে গুৱাহাটীৰ পৰা মাত্ৰ কেইকিলোমিটাৰ নিলগৰ চৰকাৰী খণ্ডৰ এই বিদ্যালয়খনত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নথকাৰ বাবে কম্পিউটাৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে শিক্ষাৰ্থী সকল ।

বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰঞ্জিত বসুমতাৰীয়ে অভিযোগ কৰা মতে, পানবাৰী অঞ্চলটো হৈছে এটা বানেগৰকা অঞ্চল ৷ বানৰ অজুহাত দেখুৱাই আজিলৈকে বিদ্যুৎ বিভাগে বিদ্যালয়খনত বিদ্যুৎ সংযোগৰ ব্যৱস্থা গ্রহণ কৰা নাই । তাৰোপৰি বিদ্যালয়খনৰ গাতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰেলপথটো আছে ৷

এই ৰে'লপথটোৰ আনটো মূৰত বিদ্যুত ব্যৱস্থা আছে যদিও ৰেলপথ পাৰ হৈ বিদ্যালয়খনত বিদ্যুৎ যোগান ধৰিবলৈ অপৰাগ বিদ্যুৎ বিভাগ । তেনে পৰিস্থিতিৰ বাবে বিদ্যুৎ সংযোগৰ সুবিধা লাভ কৰা নাই পানবাৰী উচ্চ বিদ্যালয়ে ৷

বিদ্যালয়খনত বিজুলী সংযোগৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় কেইবাখনো গাঁওৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৫২নং দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাক কেইবাবাৰো অৱগত কৰিছিল ৷ কিন্তু আজিকোপতি কোনো সুফল লাভ নকৰিলে ৰাইজে ৷ সেয়েহে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্র-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত অতি সোনকালে বিজুলী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব ৰাজ্য চৰকাৰে

ABOUT THE AUTHOR

...view details