অসম

assam

ETV Bharat / state

পথ পকীকৰণৰ দাবীত ৰাজপথত ৰঙিয়াৰ বৰমুৰাৰ ৰাইজ - BJP Assam Pradesh State President

উন্নয়নৰ ঢাক-ঢোল বজাই থকা বিজেপি চৰকাৰৰ উন্নয়নৰ অন্যতম নমুনা ৷ ৰঙিয়াৰ বৰমুৰা-বালিসত্ৰ সংযোগী পথটো কি ৰ’দ, কি বৰষুণ, কি বাৰিষা, কি খৰালি, সকলো সময়তে একাঠু বোকাপানী অথবা ধূলি বালিৰে ভৰি থাকে ।

poor-infrastructure-condition-of-bormura-road-at-rangia
পথ পকীকৰণৰ দাবীত ৰাজপথ ৰঙিয়াৰ বৰমুৰাৰ ৰাইজ

By

Published : Aug 5, 2021, 2:18 PM IST

Updated : Aug 5, 2021, 2:56 PM IST

ৰঙিয়া,5 আগষ্ট :পথ নে কৃষি-পথাৰ ৷ ৰঙিয়াৰ বৰমুৰাৰ পথটো দেখিলে আপোনাৰ মনলৈ প্ৰথমে এই প্ৰশ্নই আহিব ৷ ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই প্ৰতিশ্ৰুতি দিও বৰ্তমানলৈ পথটো নিৰ্মাণ নকৰাৰ অভিযোগ ৰঙিয়াৰ বৰমুৰাৰ ৰাইজৰ । স্থানীয় বিধায়ক তথা প্ৰশাসনৰ চূড়ান্ত গাফিলতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে অঞ্চলটোৰ পুৰুষ-মহিলা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰ বিৰোধী শ্ল‘গানেৰে চৌদিশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ৰাইজে ৷

পথ পকীকৰণৰ দাবীত ৰাজপথ ৰঙিয়াৰ বৰমুৰাৰ ৰাইজ

ৰঙিয়াৰ বৰমুৰা-বালিসত্ৰ সংযোগী পথটোৰ আধাৰশিলা স্থাপনৰ পাঁচমাহ পিছতো পথটোৰ ওপৰত নপৰিল এচপৰা মাটি । নিৰ্বাচনী চমক হিচাপে বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই সময়ৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই গুৰুত্বপূৰ্ণ পথটোৰ আধাৰশিলা স্থাপন কৰিছিল । কিন্তু আধাৰশিলা স্থাপনৰ পাঁচ মাহ পিছতো পথটোৰ মেৰামতি নোহোৱাত বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে স্থানীয় ৰাইজে ।

কি ৰ’দ, কি বৰষুণ, কি বাৰিষা, কি খৰালি সকলো সময়তে এই পথটো একাঠু বোকাপানী অথবা ধূলি বালিৰে ভৰি থাকে । ৰাইজৰ অনুৰোধ ৰক্ষা কৰি বিধায়ক ভবেশ কলিতাই প্ৰায়ে সেই স্থানত গৈ পথ মেৰামতি কৰি যাতায়ত সুচল কৰিব বুলি আশ্বাস দি আহিছে যদিও সেয়া বাস্তৱ ক্ষেত্ৰত হৈ নুঠাত ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ । চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে এনেধৰণৰ ভুৱা আশ্বাস-প্ৰতিশ্ৰুতিকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে ।

ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ । শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ কৰিছে অঞ্চলবাসীয়ে । ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্বসহকাৰে লৈ অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে স্থানীয় বিধায়ক ভবেশ কলিতা তথা প্ৰশাসনক দাবী জনাইছে । অন্যথা অনাগত দিনত বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাক উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক :শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

Last Updated : Aug 5, 2021, 2:56 PM IST

ABOUT THE AUTHOR

...view details