গুৱাহাটী, ১৮ জুলাই :অসমত প্ৰায় প্ৰতিবছৰে বানৰ কবলত পৰি বিস্তৰ কৃষিভূমিৰ শস্য নষ্ট হোৱাৰ ফলত কৃষকসকল লোকচানৰ সন্মুখীন হৈ আহিছে । বানে ক্ষতি কৰা শস্যৰ ক্ষতিপূৰণ পোৱাৰ বাবে কৃষকে কৃষি বীমা কৰাটো অত্যন্ত জৰুৰী যদিও কৃষি বীমাৰ ক্ষেত্ৰত অসমৰ প্ৰদৰ্শন মুঠেই সন্তোষজনক নহয় । উল্লেখ্য যে বানপানী, খৰাং, শস্যৰ ৰোগ আদিকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত কেতবোৰ শস্যৰ ক্ষেত্ৰত হোৱা ক্ষতিৰ বিপৰীতে ফচল বীমা আঁচনিৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা নামৰ কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিখন ৰূপায়ণ কৰি আছে ।
অসমত এই যোজনাখনৰ অধীনত খাৰিফ শস্য হিচাপে মাটিমাহ, শালিধান আৰু ৰবি বতৰৰ শস্য হিচাপে গ্ৰীষ্মকালীন ধান, আলু, কুঁহিয়াৰ আৰু সৰিয়হ সামৰি লোৱা হৈছে । লক্ষণীয় যে প্রধানমন্ত্ৰীৰ ফচল বীমা যোজনাই অসমৰ মাত্ৰ ৭ শতাংশ কৃষককহে সামৰি ল'ব পাৰিছে । মন কৰিবলীয়া যে অসমত মুঠ ধান উৎপাদনৰ ৭০ শতাংশই আহে শালি খেতিৰ পৰা । ৰাজ্যৰ প্ৰায় ১৮ লাখ হেক্টৰত কৰা হয় শালিধানৰ খেতি । কিন্তু শালিধানৰ খেতিৰ সময়তে আৰম্ভ হয় বানৰ তাণ্ডৱ । বানত বিস্তৰ শস্যভূমি পানীত বুৰ যোৱাৰ ফলত প্ৰায় প্ৰতিবছৰে কৃষকসকল লোকচানৰ সন্মুখীন হ'বলগাত পৰে ।
কৃষি আৰু কৃষক কল্যাণ মন্ত্রণালয়ৰ তথ্য অনুসৰি, ২০২২ চনত অসমত খাৰিফ খেতি কৰা কৃষকসকলৰ ভিতৰত প্ৰধানমন্ত্রী ফচল বীমা যোজনাই সামৰি লৈছিল ২ লাখ ৪৭ হেজাৰ ৭০৪ জন কৃষকক । বীমাকৃত শস্যভূমিৰ পৰিমাণ আছিল ১ লাখ ৭০ হেজাৰ হেক্টৰ । অর্থাৎ শালিধানৰ খেতি হোৱা মুঠ শস্যভূমিৰ ১০ শতাংশ ভূমিও বীমাৰ আঁচনিয়ে সামৰি ল'ব পৰা নাই । তাৎপর্যপূর্ণভাৱে ধুবুৰী, বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, গোৱালপাৰা, নগাঁও, লখিমপুৰ জিলাকে ধৰি দহখন জিলাতহে ১০ হেজাৰ বা ততোধিক কৃষকক শস্য বীমাই সামৰি ল’ব পাৰিছে । বাকী জিলাসমূহত এই সংখ্যা তেনেই নগণ্য ।