গুৱাহাটী, ১৬ ডিচেম্বৰ : জনসাধাৰণক স্বাস্থ্য সেৱা প্ৰদানৰ নামত ভেকোভাওনা কৰিছে নেকি ৰাজ্যৰ স্বাস্থ্য বিভাগে ? ৰোগীয়ে লাভ কৰিছেনে নূন্যতম সা-সুবিধা ? সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাই উত্থাপন কৰা অভিযোগে হতচকিত কৰিছে সকলোকে । বুধবাৰে সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাই গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্যখণ্ডৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত কেতবোৰ অভিযোগ উত্থাপন কৰে ।
তেওঁলোকৰ মতে, ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত থকা চাৰি ভাগৰ এক অংশ এম্বুলেঞ্চেই বিকল(Poor health infrastructure in Assam ) । ৬০০ খন এম্বুলেঞ্চৰ ভিতৰত প্ৰায় ১০০ খন বিকল হোৱাৰ লগতে অধিকাংশৰ অৱস্থা জৰাজীৰ্ণ । অক্সিজেনৰ অভাৱত আধা বাটতে ৰোগীৰ মৃত্যু হয় বুলিও গুৰুতৰ অভিযোগ তুলিলে সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সংস্থাই । সংস্থাৰ নেতৃবৰ্গই কয় যে, ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত বৰ্তমান ব্যৱহাৰ হৈ থকা অধিকাংশ এম্বুলেঞ্চতে অক্সিজেনৰ অভাৱ হোৱাৰ লগতে বৰষুণ আহিলে বহু এম্বুলেঞ্চৰ ওপৰৰ অংশৰে ভিতৰত পানী সোমায় ।
আনহাতে, অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰাৰ দাবী জনায় সংস্থাটোৱে । চাকৰি নিয়মীয়াকৰণ নকৰিলে আত্মহত্যাৰ হুংকাৰ দিয়ে সন্থাটোৰ নেতৃবৰ্গই ।