অসম

assam

ETV Bharat / state

প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে উদ্বোধন কৰা উদ্যান এতিয়া জৰাজীৰ্ণ - শ্বহীদ উদ্যান

উদ্যানখন পুনৰ নিৰ্মাণৰ বাবে চলিত বৰ্ষত দ্বিতীয় বাৰৰ বাবে আধাৰশিলা স্থাপন কৰিছিল চৰকাৰে । কিন্তু আধাৰশিলাও যেন এতিয়া আগবাঢ়িছে জৰাজীৰ্ণ হোৱাৰ পথত ।

১৯৭৫ চনতে প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদে উদ্বোধন কৰা উদ্যান এতিয়া জৰাজীৰ্ণ

By

Published : Jul 18, 2019, 2:38 AM IST

গুৱাহাটী, ১৭ জুলাই: মহানগৰীৰ এখন পুৰণিকলীয়া উদ্যান । ১৯৭৫ চনতে উদ্বোধন কৰা এই শ্বহীদ উদ্যানখন বৰ্তমান জৰাজীৰ্ণ অৱস্থা । উদ্যানখনত খেলা সামগ্ৰী অথবা ফুলৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে এখন সম্পূৰ্ণ ওলোটা ছবি । লতা হাবিৰে ছানি ধৰি জহি-খহি যাব ধৰিছে মহানগৰীৰ ফটাশিল আমবাৰীস্থিত একমাত্ৰ উদ্যানখন । ১৯৭৫ চনতে প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াই নিজা মাটিত তেখেতে নিজে উদ্বোধন কৰা উদ্যানখন পুনৰ ঠন ধৰি উঠাৰ কামনা কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে, স্থানীয় ৰাইজে জনোৱা মতে, উদ্যানখন পুনৰ নিৰ্মাণৰ বাবে চলিত বৰ্ষত দ্বিতীয় বাৰৰ বাবে আধাৰশিলা স্থাপন কৰিছিল চৰকাৰে । কিন্তু আধাৰশিলাও যেন এতিয়া আগবাঢ়িছে জৰাজীৰ্ণ হোৱাৰ পথত । লতা হাবিৰে ছানি ধৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

তথ্য অনুসৰি, ২০১০-১১ চনৰ ভিতৰতে জৱাহৰলাল নেহৰু ৰাষ্ট্রীয় নগৰ নবীকৰণ অভিযানত নগৰীয়া দৰিদ্ৰজনৰ প্ৰাথমিক সেৱা আঁচনিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ গুৱাহাটী পৌৰ নিগমে
ফটাশিলৰ এই উদ্যানৰ ওচৰতে এটা আবাসীক প্রকল্প নিৰ্মাণ কৰিছিল । সেই প্ৰকল্পৰ সময়তে শ্ৰমিক সকলক থকাৰ ব্যৱস্থা কৰা হৈছিল উদ্যানখনৰ ভিতৰত লগতে প্ৰকল্পৰ বাবে লাগতিয়াল সামগ্ৰী ৰখা হৈছিল উদ্যানত । সেই উল্লেখিত সময়ৰে পৰা উদ্যান খন বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা অৱহেলিত হৈ অহাৰ অভিযোগ স্থানীয় ৰাইজৰ । যিসময়ত চৰকাৰে খেল ধেমালিৰ জৰিয়তে শিশু সকলৰ মানসিক আৰু শাৰীৰিক উত্তৰণৰ ক্ষেত্ৰত নানা পদক্ষেপ হাতত লৈছে সেই সময়ত কোনো এটা প্ৰকল্পৰ নিৰ্মাণৰ নামত এখন উদ্যান ধ্বংস কৰাটো কিমান যুক্তি সংগত সেয়া বিবেচনাধীন সচেতন মহলৰ ।

ABOUT THE AUTHOR

...view details