অসম

assam

ETV Bharat / state

No Salaries: ন মাহে বেতন বঞ্চিত ৰাজ্যৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ কৰ্মচাৰী - No Salaries

ন মাহ ধৰি বেতন বঞ্চিত হৈ আছে ৰাজ্যৰ ১১ খন পলিটেকনিক কলেজ আৰু ২খন ইঞ্জিনিয়াৰিং কলেজৰ ৩৪৮গৰাকী কৰ্মচাৰী ৷ অতি শীঘ্ৰে তেওঁলোকৰ এই দাবী সমূহ কাৰ্যকৰী নকৰিলে ২ মে'ৰ পৰা কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ (Employees deprived of salary In Assam) ৷

Employees deprived of salary In Assam
ন মাহে বেতন বঞ্চিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী

By

Published : Apr 11, 2023, 8:58 PM IST

বেতন বঞ্চিত ৰাজ্যৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ কৰ্মচাৰী

গুৱাহাটী, ১১ এপ্ৰিল: ৯ মাহ ধৰি বেতন বঞ্চিত হৈ আছে ৰাজ্যৰ ১১ খন পলিটেকনিক কলেজ আৰু ২খন ইঞ্জিনিয়াৰিং কলেজৰ ৩৪৮ গৰাকী কৰ্মচাৰী ৷ দৰমহা নোহোৱাৰ ফলত পৰিয়ালক পোহ-পাল দিয়াত সমস্যাত পৰিছে কৰ্মচাৰীসকল ৷ মংগলবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত এক সংবাদমেলত সদৌ অসম নৱনিৰ্মিত পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাই এই কথা অৱগত কৰিছে (Employees have not received their salaries) ৷

সংবাদমেল সম্বোধন কৰি সন্থাৰ উপদেষ্টা প্ৰদীপ নাথ, সম্পাদক পংকজ চক্ৰৱৰ্তী, সভাপতি আখিল বৰ্মনে কয় যে, ২০১৭ চনৰ আগষ্ট মাহত ১১খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজত মুঠ ৩৪৮ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক ঠিকাভিত্তিক কোম্পানীৰ দ্বাৰা নিয়োজিত কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত ২০১৯ চনৰ ডিচেম্বৰত কোম্পানী তিনিটাই আত্মসমৰ্পন কৰাত সেই সময়ৰ পৰা কাৰিকৰী শিক্ষা সঞ্চালকৰ অধীনত কৰ্মচাৰী সকলে কাম কৰে ৷ লগতে কৰ্মচাৰী সকলৰ মাহিলী পাৰিতোষিক সমূহ কোষাগাৰৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰে (Polytechnic and Engineering colleges employees) ৷

কিন্তু দৰমহা সমূহ ১০-১২ মাহ পৰ্যন্ত অনিয়মীয়া হৈ থাকে বুলি অভিযোগ কৰিছে সন্থাই ৷ শেহতীয়াকৈ ৭ ৰ পৰা ৯ মাহলৈ দৰমহাৰ পৰা বঞ্চিত হৈ আছে এই কৰ্মচাৰী সকল ৷ ন্যূনতম ১০,১৯৯ টকা দৰমহাৰ বিনিময়ত মাহৰ পিচত মাহ কৰ্মত নিয়োজিত হৈ থকা এই সকল কৰ্মচাৰীয়ে বিগত ৬ বছৰীয়া কাৰ্যকালত আন্দোলন নকৰাকৈ কোনো দিনে দৰমহা পোৱা নাই বুলি মন্তব্য কৰে ৷

এই সন্দৰ্ভত বাৰংবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক আবেদন-নিবেদন জনোৱাৰ পিছতো কৰ্মচাৰী সকলে কোনো সঁহাৰি পোৱা নাই বুলি অভিযোগ কৰে সন্থাই ৷ আজিৰ সংবাদমেল যোগে দৰমহা নিয়মীয়াকৰণ, দৰমহা বৃদ্ধি, চাকৰিৰ নিশ্চয়তা প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায় সদৌ অসম নৱনিৰ্মিত পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাই ৷ অতি শীঘ্ৰে তেওঁলোকৰ এই দাবী সমূহ কাৰ্যকৰী নকৰিলে ২ মে'ৰ পৰা কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ দিছে কৰ্মচাৰী সকলে ৷

লগতে পঢ়ক: Mega Bihu event : সৰুসজাইৰ বিহুকলৈ দুষ্ট চক্ৰক কঠোৰ সকিয়নী মন্ত্রী পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details