যান-বাহন সংশোধনী আইনঃ আতংকিত ৰাইজ
পলিউছন টেষ্টিং চেণ্টাৰতো ভিৰ লাগিছে ৰাইজৰ । যি চেণ্টাৰ পূৰ্বতে জনশূণ্য অৱস্থাত আছিল এতিয়া সেই চেণ্টাৰত মানুহৰ লানি নিছিগা ভিৰ ।
গুৱাহাটী, 17 চেপ্তেম্বৰঃ ৰাজ্যসভাত যান-বাহন সংশোধনী আইন গৃহীত হ'ল যদিও এই পৰ্যন্ত অসমত বলবৎ হোৱা নাই আইনখন । কিন্তু আইনখন বলবৎ নহ'লেও জনসাধাৰণ আতংকিত হৈ পৰিছে মাত্ৰাধিক জৰিমনা ভৰাৰ ভয়ত । কাৰণ যি খন গাড়ীৰ মূল্য ৪৫ হাজাৰ টকা সেই খন গড়ীতেই জৰিমনা ভৰিবলগীয়া হ'ব পাৰে লাখৰ উৰ্ধত ৷ যাৰ বাবে উপায়ন্তৰ হৈ বহুতো লোকে বিভিন্ন ঠাইতে গাড়ী এৰি আহিবলগীয়া হৈছে। ইফালে মাত্ৰাধিক জৰিমনা ভৰাৰ ভয়ত এতিয়া জনসাধাৰণে নিজৰ কাম-কাজ বাদ দি গাড়ীৰ নথিপত্ৰ প্ৰস্তুত কৰাৰ বাবেও উঠি পৰি লাগিছে । পলিউছন টেষ্টিং চেণ্টাৰতো ভিৰ লাগিছে গাড়ীৰ মালিকসকলৰ । যি চেণ্টাৰ পূৰ্বতে জনশূণ্য অৱস্থাত আছিল এতিয়া সেই চেণ্টাৰত মানুহৰ লানি নিছিগা ভিৰ । ইয়াৰোপৰি পূৰ্বতে ৰাজপথত হেলমেট পৰিধান নকৰাকৈয়ে বাইক আৰোহী ঘূৰি ফুৰা দেখা গৈছিল কিন্তু বৰ্তমান হেলমেট পৰিধান নকৰাকৈ বাইক বা যিকোনো দুচকীয়া বাহন চলোৱা দেখা পোৱা পৰিলক্ষিত নহয় ।