গুৱাহাটী,৫ জুলাই :বৃহস্পতিবাৰে অসমৰ কেইবাখনো হোটেলৰ লগতে চিকিৎসালয়লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে নিৰ্দেশনা জাৰি কৰে। বৰ্জিত পানী আৰু নলা পৰিশোধন ব্যৱস্থা নথকা চিকিৎসালয়ৰ লগতে হোটেল ৰেস্তোৰা সমূহলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাননী জাৰি কৰে।
হোটেলৰ লগতে চিকিৎসালয়লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা জাৰি - etv bharat assam
অতিশীঘ্ৰেই যদি জাননী প্ৰেৰণ কৰা উদ্যোগৰ লগতে হোটেল ৰেস্তোৰা আৰু চিকিৎসালয় সমূহে প্ৰাথমিক পৰ্যায়ৰ বৰ্জিত পানী আৰু নলা পৰিশোধন প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সেই সমূহৰ অনুজ্ঞা পত্ৰ বাতিল হ'ব বুলি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সচিব গৰাকীয়ে জানিবলৈ দিয়ে ।
অসমৰ প্ৰতি খন জিলাৰ মুঠ 448খন চিকিৎসালয়ৰ লগতে 361 খন হোটেল ৰেস্তোৰা আৰু বিবাহভৱন বন্ধ কৰাৰ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে। ইয়াৰোপৰিও প্ৰাথমিক পৰ্যায়ৰ যি সা-সুবিধা হোটেল ৰেস্তোৰা,বিবাহভৱন আৰু চিকিৎসালয় সমূহত নাথাকে সেই সমূহে প্ৰতিদিনে 7000 টকাৰ জৰিমনা ভৰিব লাগিব বুলি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সচিব ধ্বজেন্দ্ৰ নাথ দাসে জানিবলৈ দিলে। তদুপৰি অতিশীঘ্ৰেই যদি জাননী প্ৰেৰণ কৰা উদ্যোগৰ লগতে হোটেল ৰেস্তোৰা আৰু চিকিৎসালয় সমূহে প্ৰাথমিক পৰ্যায়ৰ বৰ্জিত পানী আৰু নলা পৰিশোধন প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সেই সমূহৰ অনুজ্ঞা পত্ৰ বাতিল হ'ব বুলিও জানিব দিয়ে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সচিব গৰাকীয়ে। এতিয়া কেৱল জাননী প্ৰেৰণ কৰিয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দায়িত্ব সামৰিব নে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেইয়া কাৰ্যকৰী হ'ব সেয়া অনাগত দিনত হে দেখা যাব ।