গুৱাহাটী,26 জুন : অম্বুবাচীৰ সময়চোৱাত বিভিন্ন দেশ বিদেশৰ ভক্তসকলে ভিৰ কৰে মা কামাখ্যা ধামত। ভক্তসকলে মন্দিৰ দৰ্শন কৰাৰ লগতে চাবলৈ আহে ভৈৰৱী মন্দিৰৰ প্ৰাংগনত থকা ঐতিহ্যমণ্ডিত কাছ পুখুৰীটো। কিন্তু এতিয়া এই কাছ পুখুৰীটোৱেই পৰিণত হৈছে জাৱৰ জোথৰৰ স্থলীলৈ।এই লেতেৰা পানীতে একাংশ লোকে গা ধুৱাৰ ফলত ভক্তসকলৰ স্বাস্থ্যৰ দিশটোলৈও সংশয় নামি আহিছে ৷
প্ৰদূষিত পানীৰ ফলত মৃত্যু হৈছে কাছৰ - ইটিভি ভাৰত
ভক্তসকলে মন্দিৰ দৰ্শন কৰাৰ লগতে চাবলৈ আহে ভৈৰৱী মন্দিৰৰ প্ৰাংগনত থকা ঐতিহ্যমণ্ডিত কাছ পুখুৰীটো। কিন্তু এতিয়া এই কাছ পুখুৰীটোৱেই পৰিণত হৈছে জাৱৰ জোথৰৰ স্থলীলৈ।এই লেতেৰা পানীতে পুখুৰীতে একাংশ লোকে গা ধুৱাৰ ফলত ভক্তসকলৰ স্বাস্থ্যৰ দিশটোলৈও সংশয় নামি আহিছে ৷
ETV BHARAT
পৰিতাপৰ বিষয় এয়ে যে,বৰ্তমানলৈ মন্দিৰ পৰিচালনা সমিতি তথা প্ৰশাসনৰ চকুত পৰা এই দৃশ্য। যাৰ বাবে পুখুৰীৰ পানী প্ৰদূষিত হৈ ইতিমধ্যেই মৃত্যু হৈছে বহু কাছৰ।
পুখুৰীটোৰ এই কদৰ্যময় ৰূপ দেখি ক্ষোভ উজাৰে ভক্তসকলে। পৰ্যটন বিভাগে পৰ্যটকৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্য হাতত লৈছিল শক্তিপীঠ কামাখ্যা ধামক। কিন্তু পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই কাছ পুখুৰীলৈ দৃষ্টি পৰিবগৈনে বিভাগটোৰ
Last Updated : Jun 26, 2019, 3:17 PM IST