অসম

assam

ETV Bharat / state

ৰাজ্যত 9 বজালৈকে 12.86 শতাংশ ভোটদান - ভোটদান কাৰ্যৰ শেহতীয়া তথ্য

আজি ৰাজ্যৰ 5টা সমষ্টিত আৰম্ভ হৈছে উপ নিৰ্বাচন ৷ জনতা জনাৰ্দনে নিৰ্ধাৰণ কৰিব প্ৰায় 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইতিমধ্যে পুৱা 7 বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ৰাজ্যত 9 বজালৈকে 12.86 শতাংশ ভোটদান
ৰাজ্যত 9 বজালৈকে 12.86 শতাংশ ভোটদান

By

Published : Oct 30, 2021, 10:22 AM IST

নিউজ ডেস্ক, 30 অক্টোবৰ :আজি ৰাজ্যৰ বহু প্ৰত্যাশিত উপ নিৰ্বাচন ৷ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি উথপথপ ৰাজ্যৰ 5 টা সমষ্টিৰ জনসাধাৰণ ৷ জনতা জনাৰ্দনে নিৰ্ধাৰণ কৰিব প্ৰায় 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইতিমধ্যে পুৱা 7 বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা দেখা গৈছে ৰাইজৰ ভিৰ ৷ ভোটগ্ৰহণৰ দুঘণ্টা অতিক্ৰম কৰাৰ পিছত এই প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অব্যাহত আছে ৷

প্ৰথম ৰাউণ্ডৰ অন্তত পুৱা 9 বজালৈকে 28নং গোঁসাইগাঁও সমষ্টিত 12.03 শতাংশ, 41 নং ভৱানীপুৰ সমষ্টিত 14 শতাংশ, 58 নং তামুলপুৰ সমষ্টিত 12 শতাংশ, 101 নং মৰিয়নী সমষ্টিত 11 শতাংশ আৰু 107 নং থাওৰা সমষ্টিত 15.27 শতাংশ ভোটদান সম্পূৰ্ণ হৈছে ৷ ৰাজ্যত মুঠ ভোটদানৰ হাৰ 12.86 শতাংশ ৷

উল্লেখ্য যে, আবেলি 4 বজাত সামৰণি পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ৷

লগতে চাওক:আজি দেশৰ তিনি লোকসভা সমষ্টি আৰু ৩০টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন

ABOUT THE AUTHOR

...view details