গুৱাহাটী, 30 অক্টোবৰ :আজি থাওৰা, ভৱানীপুৰ, মৰিয়নী, গোঁসাইগাঁও, তামুলপুৰ সমষ্টিৰ উপ নিৰ্বাচন ৷ এই পাঁচোটা সমষ্টিৰ প্ৰায় 7 লাখ ভোটাৰে ইভিএমত বন্দী কৰিব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইতিমধ্যে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷
দিনৰ 11 বজালৈ 28নং গোঁসাইগাঁও সমষ্টিত 39.35 শতাংশ, 41 নং ভৱানীপুৰ সমষ্টিত 41 শতাংশ, 58 নং তামুলপুৰ সমষ্টিত 21 শতাংশ, 101 নং মৰিয়নী সমষ্টিত 19.49 শতাংশ আৰু 107 নং থাওৰা সমষ্টিত 38.6 শতাংশ ভোটদান সম্পূৰ্ণ হয় ৷ মুঠ ভোটদানৰ হাৰ 31.44 শতাংশ ৷