গুৱাহাটী, 30 অক্টোবৰ :আজি থাওৰা, ভৱানীপুৰ, মৰিয়নী, গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিত উপ-নিৰ্বাচন(Bypolls) ৷ পাঁচোটা সমষ্টিৰ প্ৰায় 7 লাখ ভোটাৰৰ দ্বাৰা ইভিএম(EVM)ত বন্দী হ’ব মুঠ 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷
দিনৰ 1 বজালৈ 28 নং গোসাঁইগাঁও সমষ্টি(Gossaigaon Constituency)ত 57.94 শতাংশ, 41 নং ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত 62 শতাংশ, 58 নং তামুলপুৰ সমষ্টি(Tamulpur Constituency)ত 47 শতাংশ, 101 নং মৰিয়নী সমষ্টি(Mariani Constituency)ত 35.13 শতাংশ আৰু 107 নং থাওৰা সমষ্টি(Thowra Constituency)ত 54.52 শতাংশ ভোটদান সম্পূৰ্ণ হয় ৷ মুঠ ভোটদানৰ হাৰ হৈছে 51.65 শতাংশ ৷