গুৱাহাটী, 15 ডিচেম্বৰ: মেঘালয়ৰ শীতৰ আচ্ছাদন আৰু বৰদিনৰ উলাহৰ মাজতে চেৰীফুলবোৰ এতিয়া ধুনীয়াকৈ ফুলিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত (Cherry blossom in Meghalaya) ৷ কিন্তু শীতৰ মাজতো ৰাজনীতিৰ কফিকাপ গৰম হৈ আছে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৷ অহা বছৰৰ আৰম্ভণিতে হ’বলগীয়া মেঘালয়ৰ বিধানসভা নিৰ্বাচনক লৈ শক্তি আহৰণৰ কচৰৎ আৰম্ভ হৈছে ৰাজ্যখনত (Meghalaya assembly poll 2023) ৷ মেঘালয়ৰ শেহতীয়া ৰাজনৈতিক ঘটনাৱলীয়ে ইংগিত দিছে উত্তৰ-পূবৰ ৰাজনীতিৰ নতুন সমীকৰণৰ ৷ বিজেপিৰ আগ্ৰাসনৰ পৰা পৰা মুক্ত হোৱাৰ চেষ্টা চলাইছে মেঘালয়ৰ বিজেপিৰ মিত্ৰদল নেশ্যনেল পিপলচ পাৰ্টী চমুকৈ এনপিপিয়ে ৷
হিমন্ত বিশ্ব শৰ্মাৰে সংঘাত বৃদ্ধি কনৰাড চাংমাৰ:
মঙলবাৰে মেঘালয়ৰ শাসকীয় এনপিপিৰ এজনকে ধৰি চাৰিজন বিধায়কক নিজৰ দলত দিল্লীত যোগদান কৰাই শক্তি বৃদ্ধি কৰিলে বিজেপিয়ে (Meghalaya MLAs joined in BJP) ৷ এই যোগদানৰ আঁৰৰ মানুহজন আছিল NEDAৰ সমন্বয়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ পিছতে স্বাভাৱিকতে প্ৰসংগ উৎথাপন হয়, মেঘালয়ত শক্তি বৃদ্ধিত ব্যস্ত হৈছে বিজেপি ৷
কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত আৰম্ভ হৈছে নেকি সংঘাত ? কিয়নো কনৰাড চাংমাক ওফৰাবলৈকে হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত মেঘালয়ত বিজেপিৰ শক্তি আহৰণেৰে ৪ বিধায়কৰ যোগদান পৰ্ব (Political conflicts in Meghalaya) ৷ সেয়ে, বিজেপি ক্ৰমাৎ এন পি পিৰ পৰা যে আঁতৰি গৈছে সেয়া একপ্ৰকাৰ স্পষ্ট হৈছে ৷ এনপিপিৰ মূৰব্বী কনৰাড চাংমায়ো ইতিমধ্যে স্পষ্টকৈ একাধিকবাৰ মন্তব্য কৰিছে যে, আগন্তুক বিধানসভা নিৰ্বাচন অকলেই খেলিব এনপিপিয়ে ৷
দিল্লীত এই সপ্তাহতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন NEDAৰ অংশীদাৰ হ’বলৈ অস্বীকাৰ কৰিছিল কনৰাড চাংমাই (Conrad Sangma refused to go with NEDA) ৷ এক কথাত, ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব মানি ল’বলৈ প্ৰকাৰন্তৰে অস্বীকাৰ কনৰাড চাংমাৰ ৷ সেয়ে, কনৰাড চাংমাক ওফৰাবলৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ পাশাখেলত খেলিছে নতুন খেল ৷ যাৰ প্ৰাৰম্ভিক ফলাফলত ৪ জন বিধায়কক বিজেপিত যোগদান কৰোৱা হ’ল শুকুৰবাৰে ৷
লগতে পঢ়ক:Meghalaya MLA joins BJP: মেঘালয়ৰ ৰাজনীতিত পট পৰিৱৰ্তন, চাৰি বিধায়কে যোগ দিলে বিজেপিত