গুৱাহাটী,৫ মে': ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ ১১৫১০ টা আৰু চতুৰ্থ বৰ্গৰ ১৪২৮১ টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল শেহতীয়াকৈ ঘোষণা কৰা হয় । ৩ মে’ত ঘোষণা কৰা তৃতীয় বৰ্গৰ ফলাফলত ১১৩২৪ গৰাকী আৰু ৪ মে’ত ঘোষিত ফলাফলত ১৪২৮১ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয় (Assam Direct Recruitment Grade 4 Result 2023) । অহা ১১ মে'ত চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষ্যে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত আয়োজন কৰা বিশাল অনুষ্ঠানত নিযুক্তি পোৱা এই প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্ৰদান কৰা হ'ব (Appointment letter will be formally distributed ) ।
ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ দ্বাৰা অনুমোদিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এই প্ৰাৰ্থীসকলৰ পোষ্টিঙৰ ক্ষেত্রত নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । এই সন্দৰ্ভত শুকুৰবাৰে অ'ফিচ মেম'ৰেণ্ডাম জাৰি কৰা হয় । ৰাজ্য চৰকাৰৰ প্ৰধান সচিব নীৰজ বাৰ্মাই জাৰি কৰা এই অ'ফিচ মেম'ৰেণ্ডাম সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অনুমোদন জনোৱা প্ৰাৰ্থীসকলৰ পোষ্টিঙৰ বিষয়টো পৰীক্ষা-নিৰীক্ষা কৰি ভাল-বেয়া সকলো সতৰ্কতাৰে বিবেচনা কৰাৰ পিচত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে (Assam Govt Recruitment) ।
খানাপাৰা খেলপথাৰত আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ব নিযুক্তি পত্র সেই অনুসৰি যিমান সম্ভৱ নিযুক্তি পোৱা সকলো মহিলা প্ৰাৰ্থীক তেওঁলোকৰ গৃহ জিলাত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব । সেইদৰে বৰাক উপত্যকাৰ সকলো প্ৰাৰ্থীক বৰাক উপত্যকাত নিযুক্তি দিয়া হ'ব । আনহাতে পি ডব্লিউ ডি শ্ৰেণীৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ গৃহ জিলাত যথাসম্ভৱ নিযুক্তি দিয়া হ'ব । সেইদৰে আন সকলো প্ৰাৰ্থীক তেওঁলোকৰ গৃহ জিলা নাইবা সমীপৰ জিলাত নিযুক্তি দিয়াৰ কথা অ'ফিচ মেম'ৰেণ্ডামত উল্লেখ কৰা হৈছে ।
যদি গৃহ জিলা নাইবা ওচৰৰ জিলাত পদ খালী নাই তেন্তে তেওঁলোকৰ পোষ্টিঙৰ স্থান ৰেণ্ডমাইজেচনৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ'ব । আনহাতে যদি কিবা কাৰণত এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্রত কোনো অসুবিধা হয় তেন্তে বিভাগসমূহে যিকোনো শিথিলতাৰ বাবে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব পাৰিব বুলি অ’ফিচ মেম'ৰেণ্ডামত উল্লেখ কৰা হয় ।
উল্লেখ্য যে ৰাজ্য চৰকাৰৰ ৪৭ বিভাগত তৃতীয় বৰ্গৰ ১১৫১০টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত উত্তীৰ্ণ হয় ১১৩২৪ গৰাকী প্ৰাৰ্থী। আনহাতে ৪৮ টা বিভাগত চতুৰ্থ বৰ্গৰ ১৪,২৮১ টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত উত্তীৰ্ণ হয় ১৪,২৮১ গৰাকী প্ৰাৰ্থী। ২৫ হাজাৰৰো অধিক এই প্ৰাৰ্থীসকলক ১১ মে'ত আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্ৰদান কৰা হ'ব।
লগতে পঢ়ক:Manipur communal clashes : মণিপুৰত সংঘটিত গোষ্ঠী সংঘৰ্ষক লৈ মহানগৰীত প্ৰতিবাদ