অসম

assam

By

Published : Jul 24, 2020, 1:12 PM IST

ETV Bharat / state

ভৰলুমুখ আৰক্ষীৰ অমানৱীয় কাণ্ড

বিশেষভাৱে সক্ষম কিশোৰক নিৰ্মম প্ৰহাৰ আৰক্ষীৰ ৷ আৰক্ষীৰ এনে অমানৱীয় কাণ্ডৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ধিক্কাৰ ৷

policeman-beating-special-child-at-bharalumukh-incident
ভৰলুমুখ আৰক্ষীৰ অমানৱীয় কাণ্ড

গুৱাহাটী,24জুলাইঃ অসম আৰক্ষীৰ এক বৰ্বৰ কাণ্ড আকৌ পোহৰলৈ আহিছে । এইবাৰ এজন বিশেষভাৱে সক্ষম কিশোৰক নিৰ্মম প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে ভৰলুমুখ আৰক্ষীৰ বিৰুদ্ধে । পলাশ চলিহা নামৰ লোক এজনে ফেচবুক যোগে এই অভিযোগ উত্থাপন কৰিছে।

ভৰলুমুখ আৰক্ষীৰ অমানৱীয় কাণ্ড

অভিযোগ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ পিছত কিশোৰটিৰ সৈতে জৰুৰী ঔষধ আনিবলৈ গৈছিল। তেনেতে ভৰলুমুখ আৰক্ষীয়ে কোনো সোধ পোছ নকৰাকৈয়ে বিশেষভাৱে সক্ষম কিশোৰটিক পিছফালৰ পৰা প্ৰহাৰ কৰিছে। ফলত পিঠিত যথেষ্ট পৰিমাণে আঘাত পাই বিশেষভাৱে সক্ষম কিশোৰটিয়ে।

ভৰলুমুখ আৰক্ষীৰ অমানৱীয় কাণ্ড

ভৰলুমুখ আৰক্ষীৰ এনে অমানৱীয় কাণ্ডৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে এই ঘটনাৰ শীঘ্ৰে তদন্ত কৰাৰ আশ্বাস দিছে আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। নিজৰ টুইটাৰযোগে এই কথা জনাইছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

লগতে পঢ়ক : বিশ্বত 1,56,40,155 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details