গুৱাহাটী,২৯ মাৰ্চ: অনলাইনৰ মাধ্যমেৰে ফৰেনচিক বিজ্ঞানাগাৰৰ প্রতিবেদন জিলা আৰক্ষীয়ে সংগ্রহ কৰিব পৰা এক ব্যৱস্থা মঙলবাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষী মুখ্য কার্যালয়ত শুভাৰম্ভ কৰে । অনলাইন মাধ্যমেৰে আৰক্ষীয়ে ফৰেনচিকৰ প্রতিবেদন লাভ কৰাৰ এই ব্যৱস্থা দেশৰ ভিতৰতে প্রথম (Police to Get forensic report online)। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (CID) এই ব্যৱস্থা গঢ়ি তুলিছে ।
এতিয়াৰে পৰা মহানগৰ আৰক্ষী আৰু জিলা আৰক্ষীয়ে এই ব্যৱস্থাৰে বিভিন্ন গোচৰ সন্দৰ্ভত ফৰেচিক বিশেষজ্ঞসকলৰ প্রতিবেদন সংগ্রহ কৰিব পাৰিব । ফৰেনচিক বিশেষজ্ঞসকলে তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰি প্রতিবেদনখন ই-এফ এছ এল (e-FSL) মডিউল’ত নির্দিষ্ট জিলাখন বাচনি কৰি ‘আপলোড’কৰিব । ইয়াৰ পিছত নির্দিষ্ট জিলাৰ আৰক্ষীৰ ‘ডেছ ব’র্ড’ত ফৰেনচিকৰ প্রতিবেদনখন ‘আপলোড’ কৰাৰ সংকেট আহিব ।
অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ এগৰাকী ন’ডেল বিষয়াক এক নির্দিষ্ট আই ডিৰ জৰিয়তে এই প্রতিবেদন ডাউনলোড কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে । প্রতিবেদনৰ গোপনীয়তা ৰক্ষাৰ বাবে তিনি তৰপীয়া ‘অ’ টি পি’ জেনেৰেট কৰাৰো ব্যৱস্থা কৰা হৈছে । প্রক্রিয়াটোৱে নিজাববীয়াকৈ জেনেৰেট কৰা এনে ‘অ’ টি পি’ ন'ডেল বিষয়াৰ বিভাগীয় ম'বাইল তথা বিভাগীয় ই-মেইল ‘আই ডি’লৈ প্ৰেৰণ কৰা হ'ব ।