গুৱাহাটী, 15 ডিচেম্বৰ:ৰাজ্যত বৰ্তমানো অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । নিশা হ'লেই গুৱাহাটীৰ মাজেৰে সৰবৰাহ হয় বৃহৎ সংখ্যক চোৰাং গৰু । কিয়নো সোমবাৰে নিশা পুনৰ গুৱাহাটীৰ জালুকবাৰীত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষীয়ে এক অভিযান চলাই জব্দ কৰে ২২ টা গৰুসহ এখন ট্ৰাক ।
আৰক্ষী সুত্ৰই সদৰি কৰা অনুসৰি বৰপেটাৰ পৰা খানাপাৰা অভিমুখে গৈ আছিলে AS 01 GC 5067 নম্বৰৰ এই গৰু ভৰ্তি ট্ৰাকখন । আৰক্ষীৰ অভিযানৰ উমান পাই ট্ৰাক এৰি পলায়ন কৰে ড্ৰাইভাৰ-হেণ্ডিমেন ।