অসম

assam

ETV Bharat / state

Police Mentally abused Child : আৰক্ষী বিষয়াৰ ভাবুকিত ত্ৰস্ত ৪ বছৰীয়া শিশু ! - CM Himanta Biswa Sarma

সভ্য সমাজক লজ্জানত কৰা এক অভাৱনীয় ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত । ভৰলুমুখ থানাৰ অন্তৰ্গত শান্তিপুৰত এগৰাকী আৰক্ষী বিষয়াৰ অনাহক ভয়-ভাবুকিৰ পৰিপ্ৰেক্ষিততে এটি ৪ বছৰীয়া শিশু মানসিকভাৱে ভীতিগ্রস্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে (Police officer threatened to child) ।

ghy
ghy

By

Published : Dec 17, 2022, 3:16 PM IST

Updated : Dec 17, 2022, 3:47 PM IST

আৰক্ষী বিষয়াৰ ভাবুকিত ত্ৰস্ত ৪ বছৰীয়া শিশু !

গুৱাহাটী, ১৭ ডিচেম্বৰ : সভ্য সমাজক লজ্জানত কৰা এক অভাৱনীয় ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত । ভৰলুমুখ থানাৰ অন্তৰ্গত শান্তিপুৰত এগৰাকী আৰক্ষী বিষয়াৰ অনাহক ভয়-ভাবুকিৰ পৰিপ্ৰেক্ষিততে এটি ৪ বছৰীয়া শিশু মানসিকভাৱে ভীতিগ্রস্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে (Police officer threatened to child) । ইতিমধ্যে শিশুটিৰ পিতৃয়ে আৰক্ষী বিষয়াজনৰ এনে দুষ্কাৰ্যৰ বিৰুদ্ধে শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ ওচৰত লিখিতভাৱে অভিযোগ দাখিল কৰিছে (police alleged threatened child in Guwahati) ।

আনকি ছ'চিয়েল মিডিয়া টুইটাৰযোগে (social media twitter) বিষয়টো মুখ্যমন্ত্রীকো অৱগত কৰিছে শিশুটিৰ পিতৃয়ে (CM Himanta Biswa Sarma) । ঘটনাৰ বিৱৰণীত প্ৰকাশ যে শান্তিপুৰ নিবাসী তথা তৃণমূল কংগ্ৰেছৰ নেতা ৰাজীৱ আলীৰ পুত্ৰ তথা চাৰি বছৰীয়া শিশুটিয়ে নিজৰ পদূলিত শুকুৰবাৰে গীত গাই খেলি আছিল ।

সেই সময়তে উক্ত পথেৰে অহা ভৰলুমুখ থানাৰ উপ-পৰিদৰ্শক প্রহ্লাদ দাসে কাৰণবিহীনভাৱে শিশুটিক অশ্লীল গালি-গালাজ আৰু ভয়-ভাবুকি প্ৰদান কৰে । আৰক্ষী বিষয়াজনৰ আচম্বিত এনে আচৰণত হতভম্ব হৈ পৰা শিশুটি লগে লগে অসুস্থ হৈ পৰে আৰু ভীতিগ্ৰস্ত শিশুটিয়ে মানসিকভাৱে অস্থিৰ আচৰণ কৰিবলৈ ধৰে (child mentally abused by police officer) । লগে লগে পৰিয়ালৰ লোকে শিশুটিক চিকিৎসকৰ ওচৰলৈ লৈ যায় যদিও বৰ্তমানলৈ শিশুটি মানসিকভাৱে সুস্থিৰ হ'ব পৰা নাই । ইতিমধ্যে শিশুটিৰ পিতৃ ৰাজীৱ আলীয়ে মুখ্যমন্ত্ৰীকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকলক উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে বিভিন্ন মাধ্যমৰ জৰিয়তে অৱগত কৰিছে ।

উল্লেখ্য, আৰক্ষীৰ কাম হৈছে সৰ্বসাধাৰণক সুৰক্ষা প্ৰদান কৰাটো । কিন্তু তাৰ বিপৰীতে বিভিন্ন সময়ত কেতবোৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । আনহাতে, বিশেষকৈ শিশুসকলৰ প্ৰতি কৰিবলগীয়া ব্যৱহাৰৰ ক্ষেত্ৰত আৰক্ষী বিভাগলৈ বিশেষ নিৰ্দেশনা আছে । কিন্তু উক্ত আৰক্ষী বিষয়াজনে শিশুটোৰ লগত প্ৰদৰ্শন কৰা অমানৱীয় ব্যৱহাৰে এতিয়া চৰ্চা লাভ কৰিছে । লগতে এগৰাকী দায়িত্বশীল আৰক্ষী বিষয়াৰ এই ব্যৱহাৰত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক :SC rejects bilkis bano plea : উচ্চতম ন্যায়ালয়ত খাৰিজ হ’ল বিলকিছ বানুৰ আবেদন

Last Updated : Dec 17, 2022, 3:47 PM IST

ABOUT THE AUTHOR

...view details