গুৱাহাটী, ২৮ জুন : ছিক্ৰেট মিছন (Secret Mission)ৰ নামত চিনেমাৰ কায়দাৰে কৰা অপহৰণ কাণ্ড (Kidnap Case)ই জোকাৰণি তুলিছে মহানগৰ আৰক্ষীত । গুৱাহাটী (Guwahati) মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডত অপহৃত হোৱা অজিত দাস নামৰ লোকজনক সোমবাৰে পুৱতি নিশা মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যদিও এই অপহৰণ কাণ্ডই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰক্ষী তথা মহানগৰবাসী মাজত ৷
অপহৰণৰ আঁৰত যিসকল লোক জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পাচতেই মহানগৰ আৰক্ষীও হতভম্ব হৈ পৰিছে । বুধবাৰে পল্টন বজাৰৰ কালিবাৰীৰ বাসগৃহৰ পৰা অপহৰণ কৰা হৈছিল অজিত দাস নামৰ লোকজনক । ৫ টা দুৰ্বৃত্তই শোৱনি কোঠাৰ পৰা অপহৰণ কৰি নিছিল অজিত দাসক । আৰক্ষীৰ পোছাক পিন্ধি অপহৰণ কৰা হৈছিল লোকজনক ।
ইয়াৰ পাচতে লতাশিল থানাত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল । সোমবাৰে পুৱতি নিশা জাগীৰোডৰ এক দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় অজিত দাসক । অজিত দাসক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ জন লোকক ।